নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিস্ফোৰক আশুতোষ, লক্ষ্ণৌৰ বিপক্ষে শ্বাসৰুদ্ধকৰ জয় দিল্লী কেপিটেলছৰ

নিউজ ডেস্ক, ২৫ মাৰ্চঃ দিল্লী কেপিটেলছে চলিত আইপিএলৰ বিশাখাপট্টনমত অনুষ্ঠিত মেচখনত শ্বাসৰুদ্ধকৰ বিজয় সাব্যস্ত কৰিছে৷ ৰোমাঞ্চকৰ মেচখনত দিল্লীয়ে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ১ উইকেটত পৰাস্ত কৰে৷ মেচখনত লক্ষ্ণৌই জয়ৰ বাবে বান্ধি দিয়া ২১০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও আশুতোষ শর্মাৰ বিস্ফোৰক অপৰাজিত অর্ধশতক আৰু ভিপ্রাজ নিগমৰ সময়োপযোগী ৩৯ ৰানৰ সহায়ত দিল্লী ১৯.৩ অভাৰত ৯টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ আশুতোষ ৩১টা বলত ৫টা চাৰি আৰু সমসংখ্যক ছয়েৰে ৬৬ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে নিগমে ১৫টা বলত ৩৯ ৰানৰ অৱদান আগবঢ়ায়৷ ত্রিষ্টান ষ্টাবছে ৩৪, অধিনায়ক অক্ষৰ পেটেলে ২২ আৰু ফাফ ডু প্লেছিছে ২৯ ৰানৰ অৱদান আগবঢ়ায়৷ দিল্লীয়ে ৬৫ ৰানতে ৫টা উইকেট হেৰুৱাই বিপদত পৰিছিল৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও মিচেল মার্শ্ব আৰু নিক’লাছ পুৰানৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টেছে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২০৯ ৰান সংগ্রহ কৰে৷ ইনিংছৰ আৰম্ভণি সুখকৰ নাছিল লক্ষ্ণৌৰ৷ দলীয় স্ক’ৰ ৪৬ ৰানত এইডেন মার্কৰামে ১৫ ৰান কৰি পেভিলিয়নমুখী হয়৷ অৱশ্যে মিচেল মার্শ্ব আৰু নিক’লাছ পুৰানে মাৰমুখী বেটিঙেৰে দ্বিতীয় উইকেটত ৮৭ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ মিচেলে ৩৬টা বলত ৬টা চাৰি আৰু সমসংখ্যক ছয়েৰে ৭২ ৰান কৰি বিদায় লয়৷ ইফালে, নিক’লাছে ৩০টা বলত ৬টা চাৰি আৰু ৭টা ছয়েৰে ৭৫ ৰানৰ অৰিহণা আগবঢ়ায়৷ লক্ষ্ণৌ দলটোৰ অধিনায়কৰ দায়িত্ব গ্রহণ কৰা ঋষভ পণ্ট সম্পূর্ণ ব্যর্থ হয়৷ পণ্টে কোনো ৰান নকৰাকৈ বিদায় লয়৷ ডেভিদ মিলাৰে ২৭ ৰান কৰি অপৰাজিত হৈ থাকে৷ দলটোৰ বাকীসকল বেটাৰে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ দিল্লী কেপিটেলছৰ হৈ মিচেল ষ্টার্কে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে কুলদীপ যাদৱে দুটা, ভিপ্রাজ নিগম আৰু মুকেশ কুমাৰ উভয়ে এটাকৈ উইকেট লাভ কৰে৷

You might also like