ক্রমাগত চতুর্থ জয়লাভ দিল্লী কেপিটেলছৰ
🔹 ৰাহুলৰ অপৰাজিত ৯৩ ৰান : ৬ উইকেটত হাৰিল আৰচিবি
নিউজ ডেস্ক, ১১ এপ্রিল : দিল্লী কেপিটেলছৰ চলিত আইপিএলত জয়ৰ ধাৰা অব্যাহত আছে৷ কালি বেংগালুৰুত অনুষ্ঠিত মেচখনত লোকেশ ৰাহুলৰ বিস্ফোৰক অপৰাজিত ৯৩ ৰানৰ সহায়ত দিল্লীয়ে ঘৰুৱা দল ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুক ৬ উইকেটত পৰাস্ত কৰে৷ প্রতিযোগিতাখনত ক্রমাগত চতুর্থটো বিজয় সাব্যস্ত কৰি দিল্লীয়ে পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে৷ বিপৰীতে বেংগালুৰুৰ এয়া আছিল দ্বিতীয় পৰাজয়৷ দলটোৱে পাঁচখন মেচৰ তিনিখনত বিজয় সাব্যস্ত কৰিছে৷ আৰচিবিয়ে জয়ৰ বাবে বান্ধি দিয়া ১৬৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৰাহুলৰ অপৰাজিত অর্ধশতকৰ সহায়ত দিল্লীয়ে ১৭.৫ অভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ৰাহুলে ৫৩ বলত সাতটা চাৰি আৰু ছয়টা ছয়েৰে ৯৩ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে ত্রিষ্টান ষ্টাবছে ৩৮ ৰান কৰি নটআউট হৈ থাকে৷ অধিনায়ক অক্ষৰ পেটেলে ১৫ ৰান কৰি বিদায় লয়৷ দলীয় স্ক’ৰ ৫৮ ৰানতে চাৰিটা উইকেট হেৰুৱাই দলটো বিপদত পৰিছিল যদিও ৰাহুল আৰু ষ্টাবছে পঞ্চম উইকেটত অপৰাজিতভাৱে ১১১ ৰান কৰি দলৰ জয় নিশ্চিত কৰে৷ আৰচিবিৰ হৈ ভুবনেশ্বৰে সর্বাধিক দুটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি বেংগালুৰুৱে নির্ধাৰিত ২০ অভাৰত সাতটা উইকেট হেৰুৱাই ১৬৩ ৰান সংগ্রহ কৰে৷ অ’পেনাৰ ফিল ছল্টে ১৭টা বলত ৩৭, টিম ডেভিদে অপৰাজিতভাৱে ৩৭, অধিনায়ক ৰজত পাটিদাৰে ২৫, বিৰাট কোহলিয়ে ২২ আৰু ক্রুনাল পাণ্ডিয়াই ১৮ ৰানৰ অৱদান আগবঢ়ায়৷ দেৱদূত পাড়িকাল (১), লিয়াম লিভিংষ্টন (৪) আৰু জিতেশ শর্মা (৩) সম্পূর্ণৰূপে ব্যর্থ হয়৷ দিল্লীৰ হৈ ভিপৰাজ নিগম আৰু কুলদীপ যাদৱ উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰাৰ লগতে মুকেশ কুমাৰ আৰু মোহিত শর্মা উভয়ে এটাকৈ উইকেট লাভ কৰে৷