নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়-পৰাজয়ৰ হেটট্রিক দিল্লী-চিএছকেৰ

🔹 তিনিখন মেচ খেলি পইণ্ট তালিকাৰ শীর্ষস্থানত দিল্লী

নিউজ ডেস্ক, ৬ এপ্রিল : এফালে জয়ৰ হেটট্রিক, আনফালে পৰাজয়ৰ হেটট্রিক৷ চলিত আইপিএলৰ কালি চেন্নাইত অনুষ্ঠিত মেচখনত দিল্লী কেপিটেলছে ঘৰুৱা দল চেন্নাই ছুপাৰ কিংছক ২৫ ৰানত পৰাস্ত কৰে৷ প্রতিযোগিতাখনত দিল্লী কেপিটেলছৰ এয়া আছিল জয়ৰ হেটট্রিক৷ ইফালে, চেন্নাই ছুপাৰ কিংছৰ এয়া পৰাজয়ৰ হেটট্রিক৷ মেচখনত পৰাস্ত হোৱাৰ পূর্বে চিএছকেই ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু ৰাজস্থান ৰয়েলছৰ হাতত পৰাজয় স্বীকাৰ কৰিছিল৷ দলটোৱে এতিয়ালৈকে চাৰিখন মেচ খেলি মাত্র এখনতহে বিজয় সাব্যস্ত কৰে৷ আনহাতে, দিল্লীয়ে তিনিখন মেচ খেলি আটাইকেইখনতে জয়লাভ কৰি পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হয়৷ মেচখনত অক্ষৰ বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৮৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রাৰম্ভিক বেটিং বিপর্যয়ৰ সন্মুখীন হৈ চেন্নায়ে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৫৮ ৰানহে কৰিবলৈ সক্ষম হয়৷ বিজয় শংকৰে সর্বাধিক অপৰাজিতভাৱে ৬৯ ৰান কৰাৰ লগতে ধোনীয়ে ৩০ ৰান কৰি নট আউট হৈ থাকে৷ ৭৪ ৰানতে ৫টাকৈ উইকেট হেৰুৱাই দলটোৱে চৰম বিপর্যয়ত পৰিছিল যদিও বিজয় আৰু ধোনীয়ে ষষ্ঠ উইকেটত অপৰাজিতভাৱে ৮৪ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰিছিল যদিও জয় লাভৰ বাবে এয়া পর্যাপ্ত নাছিল৷ অ’পেনাৰদ্বয় ৰাচিন ৰবীন্দ্রই ৩ আৰু ডেভ’ন ক’নৱেই ১৩ ৰান কৰি বিদায় লোৱাৰ লগতে অধিনায়ক গাইকোৱাডে ৫, শিৱম ডুবেই ১৮ আৰু জাদেজাই ২ ৰান কৰি বিদায় লয়৷ দিল্লীৰ হৈ ভিপ্রাজ নিগমে সর্বাধিক ২টা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি লোকেশ ৰাহুলৰ দর্শনীয় অর্ধশতকৰ সহায়ত দিল্লীয়ে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৮৩ ৰান সংগ্রহ কৰে৷ দলীয় স্ক’ৰত ৰান সংগ্রহ নৌহওঁতেই জেক ফ্রেজাৰ–মেকগার্গক হেৰুৱায় দিল্লীয়ে৷ অৱশ্যে চলিত আইপিএলত প্রথমখন মেচ খেলা ৰাহুলে অভিষেক প’ৰেলৰ সৈতে লগ লাগি দ্বিতীয় উইকেটত ৫৪ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ প’ৰেলে ৩৩ ৰান কৰি বিদায় লয় যদিও ৭৭ ৰানত আউট হোৱা ৰাহুলে অক্ষৰ পেটেলৰ সৈতে তৃতীয় উইকেটত ৩৬, সমীৰ ৰিজভীৰ সৈতে চতুর্থ উইকেটত ৫৬ আৰু ষ্টাবছৰ সৈতে পঞ্চম উইকেটত ৩৩ ৰান সংগ্রহ কৰে৷ অক্ষৰে ২১, ৰিজভীয়ে ২০ আৰু ষ্টাবছে অপৰাজিতভাৱে ২৪ ৰান কৰে৷

You might also like