ৰোহিত-কোহলিৰ ভৱিষ্যৎ সন্দর্ভত আগৰকাৰৰে মিলিত হ’ব দেৱজিৎ শইকীয়া
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জানুৱাৰীঃ সদ্যসমাপ্ত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাত টীম ইণ্ডিয়াৰ শোচনীয় পৰাজয়ৰ পিছতে দুই জ্যেষ্ঠ খেলুৱৈ ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ ভৱিষ্যৎ সন্দর্ভত মুখ্য নির্বাচক অজিত আগৰকাৰৰে আলোচনা কৰিব ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সম্পাদকৰ দায়িত্ব গ্রহণ কৰিবলগীয়া দেৱজিৎ শইকীয়াই৷ ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীত দুর্বল প্রদর্শনৰ বাবে ভাৰতীয় দলটোত পৰিৱর্তন আনিব বিচাৰিছে বিচিচিআয়ে৷ জ্যেষ্ঠ খেলুৱৈক বাদ দি এক বৃহৎ পৰিৱর্তন সাধিব খুজিছে ব’র্ডে৷ বিচিচিআইৰ নতুন সম্পাদক দেৱজিৎ শইকীয়াই টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মা আৰু তাৰকা বেটাৰ বিৰাট কোহলিলৈ কঠোৰ বার্তা প্রেৰণ কৰাৰ বাবে মুখ্য নির্বাচক আগৰকাৰক নির্দেশ দিছে৷ সদ্যসমাপ্ত অষ্ট্রেলিয়া ভ্রমণত দুয়োগৰাকী জ্যেষ্ঠ খেলুৱৈ বিশেষ উন্নত প্রদর্শন দাঙি ধৰাত সম্পূর্ণৰূপে ব্যর্থ হৈছে৷ অৱশ্যে কোহলিয়ে পার্থত অনুষ্ঠিত প্রথমখন টেষ্টত শতক অর্জন কৰিবলৈ সক্ষম হৈছিল৷ অহা ১২ জানুৱাৰীত বিচিচিআইৰ বিশেষ সাধাৰণ সভা অনুষ্ঠিত হ’ব৷ আৰু এই বৈঠকতে ভাৰতীয় টেষ্ট দলত ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ স্থান সন্দর্ভত আলোচনা কৰাৰ অধিক সম্ভাৱনা আছে৷ অষ্ট্রেলিয়াত ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ ব্যর্থতাৰ সন্দর্ভত ব’র্ডে নতুন সম্পাদক দেৱজিৎ শইকীয়াক মুখ্য নির্বাচক অজিত আগৰকাৰৰ সৈতে আলোচনা কৰিবলৈ নির্দেশ দিছে৷ নির্দেশটোত ইমানেই বেয়াকৈ কৈছে যে দেশতকৈ খেলুৱৈ ডাঙৰ নহয়৷ গতিকে দলৰ ভৱিষ্যৎ সন্দর্ভত যিকোনো সিদ্ধান্ত ল’বলৈ নির্দেশ দিয়া হৈছে৷ ক’বলৈ গ’লে ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীত ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ প্রদর্শনত মুঠেই সন্তুষ্ট নহয় ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড৷ উল্লেখ্য যে ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাৰ তিনিখন টেষ্টত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই মাত্র ৩১ ৰানহে কৰিবলৈ সক্ষম হৈছিল৷ এই ব্যর্থতাৰ পিছতেই ৰোহিত শর্মাৰ টেষ্ট ক্রিকেটৰ পৰা অৱসৰৰ জল্পনা–কল্পনা আৰম্ভ হয়৷ অৱশ্যে অন্তিমখন টেষ্টৰ সময়ছোৱাত এক সাক্ষাৎকাৰত ৰোহিত শর্মাই নিজেই ঘোষণা কৰে যে তেওঁ এতিয়াই অৱসৰ নলয়৷ অৱশ্যে ৰোহিত শর্মাৰ সাক্ষাৎকাৰক বিশেষ গুৰুত্ব দিয়া নাই ব’র্ডে৷ ৰোহিতক টেষ্ট দলত ৰখা হ’বনে নাই সেই সিদ্ধান্তটো ল’ব পাৰে মুখ্য নির্বাচক আগৰকাৰে৷ অনাগত দিনত তেওঁ নিজৰ স্থান অক্ষুণ্ণ ৰাখিব পাৰিবনে নাই সেয়া নির্ভৰ কৰিব ৰোহিতৰ প্রদর্শনৰ ওপৰত৷