নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকা ভ্রমণত ভাৰতক নেতৃত্ব দিব ধাৱনে; প্রশিক্ষক হিচাপে দলৰ সৈতে যাব ৰাহুল দ্রাবিড়

নিয়মীয়া বাৰ্তা, ১২ মে: নিয়মীয়া অধিনায়ক বিৰাট কোহলিৰ অনুপস্থিতিত সমাগত শ্রীলংকা ভ্রমণত টীম ইণ্ডিয়াক নেতৃত্ব দিব পাৰে তাৰকা অ’পেনাৰ শিখৰ ধাৱনে৷ অহা ১৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া তিনিখন এদিনীয়া আৰু তিনিখন টি–২০ মেচৰ শৃংখলাৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ধাৱনৰ নেতৃত্বত যুৱ খেলুৱৈৰে গঠিত এটা দলক শ্রীলংকালৈ প্রেৰণ কৰাৰ চিন্তা–চর্চা কৰিছে৷

ব’র্ডৰ এক সূত্রই সদৰী কৰা অনুসৰি, শ্রীলংকা ভ্রমণত টীম ইণ্ডিয়াক নেতৃত্ব দিয়াৰ ক্ষেত্রত সবাতোকৈ অভিজ্ঞ খেলুৱৈ হিচাপে ধাৱনৰ নাম বিবেচনা কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ ভুবনেশ্বৰ কুমাৰ, হার্দিক পাণ্ডিয়াৰ দৰে অভিজ্ঞ খেলুৱৈৰ লগতে পৃথ্বি শ্ব, ঈশান কিষণ, সূর্য কুমাৰ যাদৱ, দীপক চহৰ, ৰাহুল চহৰ আৰু দেৱদত্ত পাড়িকলৰ দৰে উদীয়মান খেলুৱৈসকলে শ্রীলংকা ভ্রমণৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান পোৱাটো একপ্রকাৰ নিশ্চিত৷

শেহতীয়াকৈ আই পি এলত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হৈ দুর্দান্ত প্রদর্শন দাঙি ধৰা কর্ণাটকৰ প্রতিভাৱান অ’পেনাৰ পাড়িকালে ধাৱন আৰু পৃথ্বি শ্বৰ সৈতে বিশেষজ্ঞ অ’পেনাৰ হিচাপে দলত স্থান পাব পাৰে৷ একেদৰে আই পি এলত উজলি উঠা ঈশান কিষণ, সূর্য কুমাৰ যাদৱ, ৰাহুল চহৰ, দীপক চহৰক ভাৰতীয় দলত সুযোগ দিয়াৰ চিন্তা–চর্চা কৰিছে ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়ে৷

উল্লেখ্য যে জুলাইত বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়া ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলাত ব্যস্ত থাকিব৷ সেয়ে একে সময়তে শ্রীলংকা ভ্রমণ কৰিবলগীয়া ভাৰতীয় দলত দ্বিতীয় শাৰীৰ খেলুৱৈসকলক স্থান দিয়া হ’ব৷ ভাৰতীয় টি–২০ দলৰ নিয়মীয়া সদস্য কোহলি, ৰোহিত, লোকেশ ৰাহুল, ৱাশ্বিংটন সুন্দৰ, ঋষভ পণ্ট, শার্দূল ঠাকুৰ ভাৰতীয় টেষ্ট দলৰ সৈতে ইংলেণ্ডত ব্যস্ত থাকিব৷ কোহলি নেতৃত্বাধীন ২০জনীয়া দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে অহা ১৮ জুনৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ পিছতে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলাত অৱতীর্ণ হ’ব৷ এই সময়ছোৱাত কোহলি বাহিনীৰ সৈতে প্রশিক্ষক হিচাপে ৰবি শাস্ত্রীও ব্যস্ত থকাৰ পৰিপ্রেক্ষিতত শ্রীলংকা ভ্রমণত ভাৰতীয় দলৰ প্রশিক্ষক হিচাপে দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে ৰাহুল দ্রাবিড়ক৷ বিশ্ব ক্রিকেটৰ দ্য ৱাল হিচাপে পৰিচিত প্রাক্তন ক্রিকেটাৰগৰাকীক বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীয়ে এই প্রস্তাৱ আগবঢ়াইছে৷

You might also like