নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেদিনাই অসমত ৮৫জনৰ মৃত্যুঃ আক্রান্ত ৬,২৫৮জন ব্যক্তি

ৰাজ্যত ক’ভিডৰ ভয়ংকৰ সংক্রমণঃ গুৱাহাটীতে ৩৫জনৰ মৃত্যুঃ আক্রান্তৰ হাৰ ৯.১৩লৈ বৃদ্ধি স্বাস্থ্যমন্ত্রীক ক’ভিডৰ দ্রুত সংক্রমণ ঘটা জিলা ভ্রমণৰ নির্দেশ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১২ মেঃ ক’ৰোনাৰ ভয়াৱহ গণ সংক্রমণে আতংকিত কৰি তুলিছে ৰাজ্যবাসীক৷ দিনে দিনে বেয়াৰ ফাললৈ ঢ়াল খাইছে পৰিস্থিতি৷ নিতৌ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই ভংগ কৰিছে অভিলেখ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত পুনৰ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হৈছে ৮৫জন লোকৰ৷ মৃত্যু হোৱা লোকৰ ভিতৰত ৩৫জনেই কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি ডিব্রুগড়ৰ ৭জন, নগাঁৱৰ ৬জন, কামৰূপৰ ৫জন, বৰপেটা–শিৱসাগৰ– চাৰিজনকৈ, যোৰহাট–তিনিচুকীয়া তিনিজনকৈ, কাছাৰ–গোৱালপাৰা–হ্ দুজনকৈ আৰু বঙাইগাঁও–ধেমাজি–ধুব্ আংলঙৰ এজনকৈ লোকৰ মৃত্যু ঘটিছে ক’ভিডত আক্রান্ত হৈ৷ ইয়াৰ লগে লগে বর্তমানলৈ ৰাজ্যত ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১,৩৮৩জনলৈ বৃদ্ধি পালে৷ সমান্তৰালভাৱে ৰাজ্যত বাঢ়িয়েই আছে আক্রান্তৰ সংখ্যাও৷

মঙলবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৬,২৫৮জন লোক৷ বিগত ২৪ ঘণ্টাত ৬৮,৫৭২টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্তৰ হাৰ হৈছে ৯.১৩ শতাংশ৷ আক্রান্তসকলৰ ভিতৰত ১,৫৮৫জন কামৰূপ মহানগৰ জিলাৰ, ৫২৭জন কামৰূপ জিলাৰ, ৫০৭জন ডিব্রুগড় জিলাৰ আৰু ৩১৩জন নগাঁও জিলাৰ৷ ইফালে আজি সুস্থ হোৱা ৰোগীৰ সংখ্যা হৈছে ৪,৪০৯জন৷ সম্প্রতি বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৩৯,২৬৪জন৷
শিৱসাগৰত ২৪ ঘণ্টাত পুনৰ ৯৫জনৰ দেহত ক’ভিড পজিটিভঃ ৩জনৰ মৃত্যু
ক’ৰোনা অতিমাৰীয়ে শিৱসাগৰ জিলাখনত ক্রমান্বয়ে সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ আজিৰ দিনটোতেই জিলাখনত ৯৫গৰাকী ব্যক্তি আক্রান্ত হোৱাৰ লগতে তিনিগৰাকী ব্যক্তি ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে৷ শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্রদান কৰা ক’ভিড আক্রান্ত লোকৰ তথ্য অনুসৰি আজি পুনৰ ২৪ ঘণ্টাত ৯৫জন লোক ক’ভিডত আক্রান্ত হোৱাৰ বিপৰীতে জিলাখনত ১,৭০৪গৰাকীৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাত ৮৫গৰাকী ব্যক্তি ক’ভিডত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে আৰু ১০জন ব্যক্তি বিভিন্ন জিলাত ক’ভিড পৰীক্ষণত পজিটিভ হোৱা বুলি জানিব পৰা গৈছে৷

ইয়াকে লৈ আজিৰ দিনটোত জিলাখনত ৯৫গৰাকী ক’ভিড পজিটিভ ৰোগী চিনাক্ত হৈছে৷ আনহাতে, শিৱসাগৰ জিলাখনত বর্তমানলৈকে ৬৮৫গৰাকী সক্রিয় ক’ভিড ৰোগী থকাৰ বিপৰীতে হোম আইছ’লেচনত ৫৭০গৰাকী, জয়সাগৰ অসামৰিক চিকিৎসালয়ত ৬৫গৰাকী, চুকাফা হাস্পতালত ১৫গৰাকী, ডিব্রুগডৰ সঞ্জীৱনী আৰু ব্রহ্মপুত্র হাস্পতালত ২গৰাকীকৈ, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এগৰাকী, ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয়ত ৯গৰাকী, অ’এনজিচি চিকিৎসালয়ত ১১গৰাকী আৰু ডিমৌ মডেল চিকিৎসালয়ত ৯গৰাকী, আদিত্য নার্ছিং হোম ডিব্রুগডত এগৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে৷ জিলাখনত মুঠ ১,৪৬৯গৰাকী ব্যক্তি বর্তমানলৈকে ক’ভিডত আক্রান্ত হৈছে৷
ডিব্রুগডৰ বৰবাৰী এক্সৰে’ ক্লিনিকৰ স্বত্বাধিকাৰী আব্দুল মোমিন বিশ্বাসৰ ক’ৰোনাত মৃত্যু
ডিব্রুগড়ৰ বৰবাৰী এক্সৰে’ ক্লিনিকৰ স্বত্বাধিকাৰী আব্দুল মোমিন বিশ্বাস ক’ৰোনাত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ৷ ১৯৪৮ চনত ধুবুৰীত জন্মগ্রহণ কৰা মোমিন বিশ্বাস ব্যৱসায়সূত্রে ডিব্রুগডলৈ আহে আৰু ডিব্রুগডৰ পল্টন বজাৰত ‘বৰবাৰী এক্সৰে’ ক্লিনিক’ নাম দি এখন ক্লিনিক স্থাপন কৰি ব্যৱসায়ত আত্মনিয়োগ কৰে৷ উল্লেখ্য যে এই বৰবাৰী এক্সৰে’ ক্লিনিকখন ডিব্রুগডৰ এখন অতি পুৰণা ক্লিনিক৷ মোমিন বিশ্বাসে নিজকে সামাজিক কামত নিয়োজিত ৰাখি ডিব্রুগডৰ লগতে অসমৰ কেইবাখনো মাদ্রাছা আৰু মছজিদ প্রতিষ্ঠাৰ ক্ষেত্রত অহোপুৰুষার্থ কৰিছিল৷ ২০১৪ চনত তেওঁৰ পত্নীৰ বিয়োগ হয়৷ মৃত্যুৰ সময়ত দুই পুত্র ডাঃ জিয়াউল ইছলাম আৰু ডাঃ মফিদুল ইছলামৰ লগতে একমাত্র কন্যা মেহজাবিন চুলতানা বেগম আৰু পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়৷ আব্দুল মোমিন বিশ্বাসৰ জানাজা নালিয়াপুল কবৰস্থানত ক’ভিড বিধি অনুযায়ী সম্পন্ন কৰা হয়৷
 ডিব্রুগডত ৪১৯গৰাকী আক্রান্ত হোৱাৰ লগতে মৃত্যু ৮জনৰ
ডিব্রুগডত আজি পুনৰ ৪১৯গৰাকীৰ দেহত নতুনকৈ ক’ভিড ধৰা পৰিছে৷ আজি ৩,৯৩০গৰাকীক ৰেপিড এণ্টিজেন টেষ্ট কৰাত ৩২০গৰাকীৰ দেহত ক’ভিড পজিটিভৰ লক্ষণ পোৱাৰ বিপৰীতে ৪৮৪গৰাকীক আৰ টি পি চি আৰ টেষ্ট কৰাত ৯৯গৰাকীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে বুলি চৰকাৰী সূত্রত প্রকাশ৷ ইয়াকে লৈ বর্তমানলৈ ডিব্রুগডত মুঠ ৫,৯৬৭জনলৈ ক’ভিড ৰোগী বৃদ্ধি পাইছে৷ আনহাতে, ডিব্রুগডত আজি চিকিৎসাধীন অৱস্থাত ৮জনকৈ ক’ৰোনা ৰোগীৰ মৃত্যু হ’ব লগা হয় বুলি চৰকাৰী সূত্রত প্রকাশ৷
যোৰহাটত ভয়ংকৰ ৰূপত সংক্রমণ ক’ভিড পুনৰ ল’লে তিনিজনৰ প্রাণ
যোৰহাটত পুনৰ তিনিজনৰ প্রাণ ল’লে অতিমাৰী ক’ৰোনাই৷ ইফালে, আজি জিলাখনত ২০৬গৰাকী লোকৰ দেহত পোৱা গৈছে ক’ভিড পজিটিভ৷ মৃত লোককেইজন হ’ল যোৰহাট নগৰৰ পুৰণি বালিবাটৰ সৱজিন হাজৰিকা (৫০), লিচুবাৰীৰ পীয়ূষ মণ্ডল (৬১) আৰু দগাঁৱৰ ৰিতু বৰুৱা (২৫)৷ ইয়াকে লৈ জিলাখনত ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫জনলৈ বৃদ্ধি পালে৷ জিলাখনত বর্তমানলৈকে ১,০৫০জন লোক ক’ভিডত আক্রান্ত হৈ আছে৷ উল্লেখ্য যে পুলিবৰ আৰক্ষী থানাৰ অন্তর্গত ডেকাগাঁৱত আৰম্ভ হৈছে গণ সংক্রমণ৷ আজি গাঁওখনৰ ২৫জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ৷ স্থানীয় সূত্রই সদৰী কৰা মতে, অলপতে গাঁওখনত দুটা শ্রাদ্ধ অনুষ্ঠিত হৈছিল৷ সেই শ্রাদ্ধ অনুষ্ঠানৰ পৰাই গণ সংক্রমণ হোৱা বুলি সন্দেহ প্রকাশ কৰিছে৷
প্রাক্তন ছাত্র নেতা, শিক্ষক গকুল দাসৰ ক’ভিডত মৃত্যুঃ দদৰাত শোকৰ ছাঁ
অসম আন্দোলনৰ অক্লান্ত কর্মী, দলিবাৰী হাইস্কুল অৱসৰপ্রাপ্ত প্রধান শিক্ষক, সমাজকর্মী গকুল দাস (৬১)ৰ আজি বিয়লি প্রায় ৪ বজাত ক’ভিডত আক্রান্ত হৈ মৃত্যু হয়৷ সমাজকর্মী গকুল দাসে দুই–তিনি দিন ধৰি জ্বৰ, চর্দি, কাহ হৈ থকাত আজি পত্নী আৰু দুই কন্যাসহ শুৱালকুছি প্রাথমিক স্বাস্থ্য কেন্দ্রত স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহি ক’ভিড পৰীক্ষা কৰাত দাসৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ পাছত ততাতৈয়াকৈ শুৱালকুছি চিকিৎসালয় কর্তৃপক্ষই তেওঁক ১০৮যোগে শিঙিমাৰী ক’ভিড হাস্পতাললৈ প্রেৰণ কৰে৷ অতি সংকটজনক অৱস্থাত শিঙিমাৰী ক’ভিড হাস্পতালত ভর্তি কৰা হয় যদিও কিছুসময় পাছতে তেওঁৰ মৃত্যু হয়৷ গকুল দাসে ছবছৰীয়া অসম আন্দোলনৰ সময়ত পূব বংশৰ আঞ্চলিক ছাত্র সন্থাক সন্মুখৰ পৰা নেতৃত্ব দিছিল৷ পৰৱর্তী সময়ত তেওঁ দলিবাৰী হাইস্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে৷ পাছত বিদ্যালয়খনৰ প্রধান শিক্ষক হিচাপে দায়িত্ব লৈ ২০২০ চনৰ ডিচেম্বৰত অৱসৰ গ্রহণ কৰে৷ প্রাক্তন ছাত্র নেতা, সমাজকর্মী গকুল দাস পূববংশৰ অঞ্চলৰ বিভিন্ন সামাজিক কামৰ সৈতে জডিত আছিল৷ সমাজকর্মীগৰাকীৰ মৃত্যুত সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ প্রাক্তন সভাপতি দিবাকৰ কলিতাই গভীৰ শোক প্রকাশ কৰে৷ সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা প্রকাশ দাস, পূব বংশৰ আঞ্চলিক ছাত্র সন্থা, দলিবাৰী হাইস্কুল শিক্ষক–কর্মচাৰী গোট তথা দদৰা অঞ্চলৰ দল–সংগঠনে দাসৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে৷ কামৰূপ জিলা প্রশাসনে ক’ভিড প্রট’কল মানি আমিনগাঁৱত বিশিষ্ট সমাজকর্মীজনৰ সৎকাৰ কৰে৷
বৰপেটা জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ
মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ ক’ভিড আক্রান্ত হৈ মৃত্যু
বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয় কার্যালয়ৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ হিকমত আলীৰ ক’ভিড–১৯ত আক্রান্ত হৈ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱানিশা মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৩ বছৰ৷ বিগত এসপ্তাহ ধৰি তেওঁ জ্বৰ, কাহ, পানীলগা আদি ৰোগত ভুগি আছিল৷ কালি স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসকগৰাকীক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ দেহত অক্সিজেনৰ পৰিমাণ কমি যোৱাত চিকিৎসকগৰাকীক আই চি ইউত ৰখা হয় যদিও কিছুসময় পাছতে মৃত্যু ঘটে৷ বৰপেটা মুছলিমপট্টি নিৱাসী চিকিৎসক আলীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছছা পৰিছে৷
বৰপেটাৰ সংবাদকর্মী জুলফিকাৰ আলী আহমেদৰ মৃত্যু
বৰপেটা চহৰৰ সমীপৱর্তী ধানবান্ধা গাঁও নিৱাসী, বৰপেটা আঞ্চলিক ছাত্র সন্থাৰ প্রাক্তন সাংগঠনিক সম্পাদক, সমাজকর্মী তথা সংবাদকর্মী জুলফিকাৰ আলী আহমেদ আৰু নাই৷ বৃক্ক ৰোগত আক্রান্ত হোৱা বাবে জুলফিকাৰক পৰিয়ালৰ লোকে যোৱা ৪ মে’ত আমিনগাঁওস্থিত জিএনআৰচিত ভর্তি কৰিছিল৷ কিন্তু ৫ মে’ত জুলফিকাৰ আলী আহমেদৰ ক’ভিড পৰীক্ষাৰ ফলাফল পজিটিভ হোৱাত তেওঁক ক’ভিডৰ চিকিৎসা প্রদান কৰে চিকিৎসালয়খনে৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি জুলফিকাৰ আলী আহমেদক ৫ মে’ৰ পৰা কেৱল ক’ভিডৰ চিকিৎসা কৰি থকা হেতুকে বৃক্ক ৰোগ গুৰুতৰ হয় আৰু স্বাস্থ্যৰ অৱনতি ঘটে৷ উপায়হীন হৈ কালি নিশা পৰিয়ালৰ লোকে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱাৰ বাবে লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ কার্যালয় সম্পাদক, সামাজিক–সাংস্কৃতিক অনুষ্ঠান আশ্রয় ফাউণ্ডেচনৰ সভাপতি, বৰপেটা বচাওক সংগ্রাম সমিতিৰ সদস্য, চাউলখোৱা মহোৎসৱৰ সক্রিয় সদস্যৰ উপৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ সৈতে সক্রিয়ভাৱে জডিত হৈ আছিল জুলফিকাৰ আলী আহমেদ৷ জুলফিকাৰ আলী আহমেদৰ বিয়োগত বৰপেটাৰ সংবাদ জগতত গভীৰ শোকৰ ছাঁ পৰিছে৷
দেশত দুসপ্তাহৰ ভিতৰত প্রথমবাৰলৈ হ্রাস ক’ভিড আক্রান্ত
দেশত ক’ভিড মহামাৰীৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ সংহাৰ অব্যাহত আছে যদিও দুসপ্তাহৰ পাছত প্রথমবাৰলৈ এটা দিনত কমসংখ্যক লোক এই মহামাৰীত আক্রান্ত হোৱা বুলি সদৰী কৰিছে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে৷ যোৱা ২৬ এপ্রিলত দেশত ক’ভিড আক্রান্তৰ সংখ্যা আছিল ৩,২৯,৫১৭গৰাকী৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰা অনুসৰি বিগত ২৪ ঘণ্টাত দেশখনত ক’ভিড মহামাৰীত আক্রান্ত হৈছে ৩,৫৬,০৮২গৰাকী৷ স্মর্তব্য যে একেৰাহে চাৰিটা দিনত ৪ লাখতকৈও অধিক লোক দৈনিক ক’ভিডত আক্রান্ত হ’বলগীয়া হৈছিল৷ কালি পঞ্চমটো দিনত ৪ লাখৰ তললৈ আহে সংক্রমিত লোকৰ সংখ্যা৷ যোৱা ২৪ ঘণ্টাত দুসপ্তাহৰ ভিতৰত আটাইতকৈ কমসংখ্যক লোক ক’ভিডত আক্রান্ত হোৱা দেখিবলৈ পোৱা গৈছে৷ অৱশ্যে কেইবাখনো ৰাজ্যত সংক্রমণৰ হাৰ ঊর্ধ্বগামী হৈ আছে৷ লক্ষণীয়ভাৱে বিগত ২৪ ঘণ্টাত মহামাৰীত প্রাণ হেৰুৱাইছে ৩,৮৭৬গৰাকী লোকে৷ দিল্লী, মুম্বাই আদি চহৰতো ক’ভিড সংক্রমণৰ হাৰ কিছু হ্রাস পোৱা পৰিলক্ষিত হৈছে৷ মুম্বাইত যোৱা ২৪ ঘণ্টাত ক’ভিডত ১,৭১৭গৰাকী লোক আক্রান্ত হোৱাৰ লগতে প্রাণ হেৰুৱাইছে ৫১গৰাকীয়ে৷
তেলেংগানাত ১০ দিনীয়া লকডাউন ঘোষণা
ক’ভিড মহামাৰীৰ দ্রুত সংক্রমণৰ মোকাবিলা কৰিবলৈ তেলেংগানা চৰকাৰে কাইলৈৰ পৰা ১০ দিনীয়া সম্পূর্ণ লকডাউন ঘোষণা কৰিছে ৰাজ্যখনত৷ পুৱা ৬ বজাৰ পৰা পুৱা ১০ বজালৈ অৱশ্যে এই লকডাউন শিথিল কৰা হ’ব৷ জনসাধাৰণৰ অত্যাৱশ্যকীয় সামগ্রী ক্রয়ৰ সুবিধাৰ উপৰি অন্যান্য কাম–কাজৰ বাবে এই চাৰি ঘণ্টা সময় লকডাউন শিথিল কৰিব চৰকাৰে৷ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাওৰ বাসগৃহত অনুষ্ঠিত এক কেবিনেট বৈঠকত লকডাউনৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ স্মর্তব্য যে দেশত ক’ভিড মহামাৰীৰ দ্বিতীয় জোৱাৰৰ সংক্রমণে ইতিমধ্যে সংহাৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ কেইবাখনো ৰাজ্যত ক’ভিড মহামাৰীৰ সংক্রমণ অতি দ্রুত হৈ পৰিছে৷ তেনে এখন ৰাজ্য হৈছে তেলেংগানা৷ গতিকে ৰাজ্যখনত মহামাৰী প্রতিৰোধৰ মোকাবিলা কৰিবলৈ লকডাউন অতি জৰুৰী বুলি মুখ্যমন্ত্রী ৰাওৱে ঘোষণা কৰিছে৷
উত্তৰ প্রদেশৰ গ্রামাঞ্চলত ঘৰে ঘৰে স্বাস্থ্যকর্মীৰ ক’ভিড পৰীক্ষাঃ ‘হু’ৰ প্রশংসা
ক’ভিড মহামাৰীৰ ভয়াৱহ সংক্রমণৰ সন্মুখীন হোৱা ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য উত্তৰ প্রদেশৰ গ্রামাঞ্চলত স্বাস্থ্যকর্মীসকলে ঘৰে ঘৰে গৈ ক’ভিড পৰীক্ষা সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে৷ ক’ভিড পৰীক্ষাত পজিটিভ বুলি চিনাক্ত হোৱা লোকসকলক আইছ’লেচনত থকাৰ নির্দেশ দিয়াৰ উপৰি গুৰুতৰভাৱে অসুস্থসকলক হাস্পতালত চিকিৎসা প্রদান কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ ৰাজ্যখনৰ মুঠ ৯৭,৯৪১খন গাঁৱত ঘৰে ঘৰে গৈ স্বাস্থ্যকর্মীসকলে ক’ভিড পৰীক্ষা চলাব বুলি ইতিমধ্যে যোগী চৰকাৰে ঘোষণা কৰিছে৷ এই প্রক্রিয়াটোক সফল কৰি তুলিবলৈ চৰকাৰে ইতিমধ্যে ১,৪১,৬১০টা স্বাস্থ্যকর্মীৰ দল গঠন কৰাৰ উপৰি ২১,২৪২গৰাকী নিৰীক্ষকক দায়িত্ব প্রদান কৰিছে৷ এই স্বাস্থ্যকর্মীসকলে কেৱল গ্রামাঞ্চলতহে পৰিয়ালসমূহত গৈ ক’ভিড পৰীক্ষা চলাব৷ লক্ষণীয়ভাৱে উত্তৰ প্রদেশ চৰকাৰৰ এই ব্যৱস্থাক প্রশংসা কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই৷
ভেকচিন প্রস্তুতৰ সূত্র মুকলি কৰিবলৈ প্রধানমন্ত্রীক আহ্বান কেজৰিৱালৰ
দেশৰ বিভিন্ন ৰাজ্যত ক’ভিড ভেকচিন পর্যাপ্ত পৰিমাণে জনসাধাৰণক প্রদান কৰাটো সম্ভৱ হোৱা নাই৷ লক্ষণীয়ভাৱে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে প্রধানমন্ত্রী নৰেন্দ্র মোদীক ক’ভিড ভেকচিন প্রস্তুতৰ সূত্র প্রকাশ কৰিবলৈ আহ্বান জনাই দেশৰ অধিকসংখ্যক কোম্পানীক তাৎক্ষণিকভাৱে ভেকচিন প্রস্তুত কৰাৰ অনুমতি প্রদানৰ বাবে আহ্বান জনাইছে৷ ছিৰাম ইনষ্টিটিউট আৰু ভাৰত বায়’টেকে দেশত প্রয়োজনীয় ভেকচিনৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই বুলি উল্লেখ কৰিছে কেজৰিৱালে৷ ছিৰাম ইনষ্টিটিউটে ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকে ক’ভাক্সিন ভেকচিন প্রস্তুত কৰি আছে৷ কিন্তু দুয়োটা কোম্পানীয়ে পর্যাপ্ত পৰিমাণে ভেকচিন যোগান ধৰিব পৰা নাই দেশবাসীক৷ গতিকে অধিক দৰব প্রস্তুত কোম্পানীয়ে ভেকচিন প্রস্তুতৰ অনুমতি পাব লাগে বুলি যুক্তি দর্শাইছে কেজৰিৱালে৷ লক্ষণীয়ভাৱে প্রধানমন্ত্রীলৈ কেজৰিৱালে এখন পত্রযোগে এই আহ্বান জনাইছে যদিও তাৎক্ষণিকভাৱে কেন্দ্রীয় চৰকাৰে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷ স্মর্তব্য যে ৰাছিয়াৰ স্পুটনিক ভি ভেকচিন ইতিমধ্যে ভাৰতত জৰুৰীভাৱে প্রদান কৰাৰ ক্ষেত্রত অনুমোদন জনোৱা হৈছে যদিও ৫টা কোম্পানী এই ভেকচিনবিধ প্রস্তুত কৰি উলিয়াবলৈ কিছু সময়ৰ প্রয়োজন হ’ব বুলি ইতিমধ্যে কোম্পানীৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে৷
জি–৭ৰ বৈঠকত অংশ নলয় মোদীয়ে
আগন্তুক জুন মাহত ব্রিটেইনৰ কর্নৱালত অনুষ্ঠিত হ’বলগীয়া জি–৭ৰ বৈঠকত অংশগ্রহণ নকৰে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ দেশত চলি থকা ক’ভিডৰ সংহাৰৰ বাবেই ব্রিটেইনলৈ নাযায় প্রধানমন্ত্রী মোদী৷ উল্লেখনীয় যে ব্রিটিছ প্রধানমন্ত্রী ব’ৰিছ জনছনে জি–৭ৰ সন্মিলনলৈ নৰেন্দ্র মোদীক আমন্ত্রণ জনাইছিল৷ উল্লেখনীয় যে ইয়াৰ পূর্বে ক’ভিড পৰিস্থিতিৰ বাবে ব্রিটিছ প্রধানমন্ত্রীৰ প্রস্তাৱিত ভাৰত ভ্রমণো বাতিল কৰা হৈছিল৷ জি–৭ৰ বৈঠকত মোদীয়ে অংশগ্রহণ নকৰে বুলি আজি বৈদেশিক মন্ত্রালয়ৰ এগৰাকী মুখপাত্রই ঘোষণা কৰিছে৷ উল্লেখনীয় যে প্রধানমন্ত্রী মোদীক জি–৭ৰ সন্মিলনলৈ বিশেষ অতিথি হিচাপে আমন্ত্রণ জনাইছিল ব’ৰিছ জনছনে৷ জি–৭ গোষ্ঠীৰ সদস্য দেশকেইখন হৈছে ব্রিটেইন, কানাডা, ফ্রান্স, জার্মানী, ইটালী, জাপান, আমেৰিকা আৰু ইউৰোপীয় সংঘ৷

You might also like