নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০১১ত ধোনীৰ নেতৃত্ব ৰক্ষা কৰিছিল শ্রীনিৱাসনে

নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ ২০১১ত মহেন্দ্র সিং ধোনীৰ নেতৃত্বত ভাৰতে আইচিচি বিশ্বকাপৰ খিতাপত চুম্বন দিবলৈ সক্ষম হৈছিল যদিও বছৰটোৰ শেষলৈ ভাৰতীয় এদিনীয়া দলৰ নেতৃত্বৰ পৰা অপসাৰিত হৈছিল তাৰকা উইকেটৰক্ষকগৰাকী৷ অষ্ট্রেলিয়াৰ মাটিত ০–৪ৰ ব্যৱধানত টেষ্ট শৃংখলাত বিধ্বস্ত হোৱাৰ পিছতে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীক অপসাৰণৰ সিদ্ধান্ত লৈছিল মহিন্দৰ অমৰনাথ নেতৃত্বাধীন নির্বাচক কমিটীয়ে৷ কিন্তু সেই সময়ত নির্বাচক কমিটীৰ বৈঠকত হস্তক্ষেপ কৰি বিচিচিআইৰ তেতিয়াৰ মুৰব্বী এন শ্রীনিবাসনে এই সিদ্ধান্ত খাৰিজ কৰি ধোনীৰ নেতৃত্ব ৰক্ষা কৰিছিল৷ এই কথা স্বীকাৰ কৰিছে চেন্নাই ছুপাৰ কিংছৰ স্বত্বাধিকাৰী তথা ব’ডৰ প্রাক্তন সভাপতি এন শ্রীনিৱাসনে৷ ইণ্ডিয়ান এক্সপ্রেছৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ মুকলিকৈ কয়– ‘সেয়া আছিল ২০১১ৰ কথা৷ ভাৰতে বিশ্বকাপ জয় কৰিছিল৷ কিন্তু তাৰ পিছত অষ্ট্রেলিয়াত আমাৰ দলটোৱে ভাল খেলিব পৰা নাছিল৷ সেয়ে এগৰাকী নির্বাচকে ধোনীক এদিনীয়া দলৰ অধিনায়ক হিচাপে অপসাৰিত কৰিব বিচাৰিছিল৷ মই যুক্তি দর্শাইছিলোঁ যে কেইমাহমান পূর্বে তেওঁ বিশ্বকাপ জয় কৰিছে আৰু এতিয়া কি যুক্তিত তেওঁক এদিনীয়া দলৰ নেতৃত্বৰ পৰা বাদ দিব পাৰি৷ নির্বাচকসকলে আনকি ধোনীৰ বিকল্প অধিনায়কৰ কথাও চিন্তা কৰা নাছিল৷ মই তেতিয়া স্পষ্টভাৱে জনাই দিছিলোঁ যে এম এছ ধোনীয়ে দলৰ অধিনায়ক হৈ থাকিব৷ বিচিচিআইৰ সভাপতি হিচাপে মই সকলো কর্তৃত্ব খতুৱাই নির্বাচকমণ্ডলীৰ সিদ্ধান্তক খাৰিজ কৰিছিলোঁ৷’

উল্লেখ্য যে ২০১২ত নির্বাচক পদৰ পৰা অপসাৰিত হোৱাৰ পিছত মহিন্দৰ অমৰনাথেও এই দাবী কৰিছিল যে ধোনীক তেওঁলোকে নেতৃত্বৰ পৰা অপসাৰিত কৰিবলৈ সর্বসন্মতিক্রমে সিদ্ধান্ত লোৱাৰ পিছত ব’ডৰ সভাপতি শ্রীনিৱাসনে এই সিদ্ধান্তত অনুমতি দিয়া নাছিল৷ অমৰনাথে মুকলিকৈ কৈছিল যে ধোনীতকৈ দেশত উন্নতমানৰ উইকেটকীপাৰ আছে আৰু তেওঁ অধিনায়ক হোৱাৰ যোগ্য নহয়৷ ‘২০১১ত ধোনীক নেতৃত্বৰ পৰা অপসাৰিত কৰাৰ সিদ্ধান্তত পাঁচোগৰাকী নির্বাচকে সমর্থন জনাইছিল৷ এয়া আমাৰ সর্বসন্মত সিদ্ধান্ত আছিল৷ কিন্তু ব’ডৰ সভাপতি শ্রীনিৱাসনে এই সর্বসন্মত সিদ্ধান্তক খাৰিজ কৰিছিল৷’– অমৰনাথে ২০১২ৰ ডিচেম্বৰত এইদৰে কৈছিল৷ ইফালে, দুদিন পূর্বে আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনোৱা ধোনীৰ অনাগত ভৱিষ্যতৰ বাবে শুভকামনা জনাইছে এন শ্রীনিৱাসনে৷ ব’ডৰ প্রাক্তন মুৰব্বীগৰাকীয়ে ধোনীক এগৰাকী সুন্দৰ মনৰ অধিকাৰী ব্যক্তি আখ্যা দি কয় যে জীৱনত তেওঁ বহুতো ক্রিকেটাৰৰ সান্নিধ্যলৈ আহিছে, কিন্তু এম এছ ধোনী সম্পূর্ণৰূপে ব্যতিক্রম৷ তেওঁ সদায় দেশ আৰু দলৰ কথাহে চিন্তা কৰে৷

You might also like