নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL 2020: মুম্বাইৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচৰ পূৰ্বে KKR ৰ নেতৃত্ব এৰিলে দীনেশ কার্তিকে; নতুন অধিনায়ক মৰ্গান

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ অৱশেষত কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক পদ এৰিলে দীনেশ কার্তিকে। শুকুৰবাৰে দুপৰীয়া নাইট ৰাইডাৰ্ছৰ তৰফৰ পৰা জনোৱা হ’ল যে ডিকে নিজেই অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি বিছাৰিছে। তেওঁৰ পৰিৱৰ্তে ইংলেণ্ডৰ বিশ্বকাপজয়ী অধিনায়ক ইয়ন মৰ্গানৰ হাতত কেকেআৰৰ নেতৃত্বভাৰ তুলি দিলে কাৰ্তিকে।

আইপিএলৰ আৰম্ভণিৰ পৰাই দীনেশ কার্তিকৰ পৰিৱৰ্তে ইয়ন মৰ্গানক কলকাতা নাইট ৰাইডাৰ্ছৰ নেতা হিচাপে বিছাৰিছিল সমৰ্থকসকলে। ইতিমধ্যেই আইপিএলত ৭ খন খেলৰ ভিতৰত মাত্ৰ ৪ খন খেলত জয়ী হোৱাৰ বিপৰীতে ৩ খন খেলত পৰাজয় হৈছিল কেকেআৰ।

ইপিনে এইবৰ্ষৰ আইপিএলত কাৰ্তিকৰ বহু ভুল সিদ্ধান্তৰ লগতে দুৰ্বল প্ৰদৰ্শনৰ বাবে ছ’চিয়েল মিডিয়াত বহুজনে দলটোৰ অধিনায়কৰ দায়িত্বৰ পৰা অপসাৰণৰ দাবীও তুলিছিল। অৱশেষত আজি মুম্বাই ইন্ডিয়ান্সৰ বিৰুদ্ধে খেলত নমাৰ পূৰ্বেই কার্তিকে অধিনায়কৰ পদ এৰি বেটিংত মনোযোগ দি সুন্দৰ প্ৰদৰ্শনেৰে দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰতহে গুৰুত্ব দিবলৈ বিচৰাৰ কথা উল্লেখ কৰে।

ইফালে এই প্রসংগত কেকেআৰৰ চিইঅ বেংকি মাইশোৰে কয়, “আমি ভাগ্যবান যে কার্তিকৰ দৰে নেতা আমাৰ দলত আছে। যি দলক বেছি প্রাধান্য দিয়ে। এই ধৰণৰ সিদ্ধান্ত লোৱাৰ বাবে বহুত সাহসৰ প্রয়োজন হয়।”

উল্লেখ্য যে সাতখন মেচৰ পাঁচখনতে জয় সাব্যস্ত কৰি শক্তিৰ পৰিচয় দিয়া ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে আজি সন্ধিয়া ৭.৩০ বজাত কলকাতা নাইট ৰাইডার্ছৰ মুখামুখি হ’ব৷

You might also like