নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএল-২০২৪ৰ সমগ্ৰ খেল হ’ব ভাৰততে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ মাৰ্চঃ ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে এটা ভাল খবৰ। আই পি এল ২০২৪খন দেশতে আয়োজন কৰা হ’ব। ইয়াৰ পূৰ্বে আই পি এল ২০২৪ৰ দ্বিতীয় লেগ ইউ এ ইত অনুষ্ঠিত হ’ব বুলি খবৰ ওলাইছিল যদিও বি চি চি আইৰ সম্পাদক জয় শ্বাহে এই সকলো জল্পনা-কল্পনাৰ অন্ত পেলাইছে। বিচিচিআইৰ সম্পাদক জয় শ্বাহৰ উদ্ধৃতি দি ক্ৰিকবাজে নিজৰ প্ৰতিবেদনত নিশ্চিত কৰিছে যে আইপিএল ২০২৪ৰ দ্বিতীয় লেগো দেশত অনুষ্ঠিত হ’ব। আচলতে দেশত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে এতিয়ালৈকে আইপিএল-২০২৪ৰ ২১খন খেলৰ সূচী ঘোষণা কৰা হৈছে। প্ৰতিবেদন অনুসৰি বিচিচিআইয়ে নিশ্চিত কৰিছে যে বিদেশত আইপিএল-২০২৪ আয়োজন কৰা নহ’ব। ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ বাবে লীগখন সংযুক্ত আৰব আমিৰশ্বাহীলৈ স্থানান্তৰিত হোৱাৰ দাবী কৰা বাতৰিৰ পিছতে এই স্পষ্টীকৰণ দিয়া হৈছে। প্ৰতিবেদনত আৰু কোৱা হৈছে যে বিচিচিআইৰ সম্পাদক জয় শ্বাহে আইপিএল-২০২৪ৰ দ্বিতীয় লেগ দেশৰ বাহিৰলৈ স্থানান্তৰিত কৰিবলৈ অস্বীকাৰ কৰিছে। আই পি এলৰ কিছুমান দলে আগন্তুক নিৰ্বাচনৰ বাবে মেচসমূহ স্থানান্তৰিত কৰাৰ অনুৰোধ জনোৱা বুলি একাধিক প্ৰতিবেদন প্ৰকাশ পাইছিল, আনকি বি চি চি আইৰ সদস্যসকলে ইউ এ ইত আই পি এলৰ দ্বিতীয়াৰ্ধ অনুষ্ঠিত কৰাৰ সম্ভাৱনাৰ সন্ধান কৰা বুলিও দাবী কৰা হৈছিল। অৱশ্যে জয় শ্বাহৰ বক্তব্যই এই জল্পনা-কল্পনাৰ অন্ত পেলাইছে।

You might also like