নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউৰোৰ আজি দ্বিতীয় ছেমিঃ আত্মবিশ্বাসী ইংলেণ্ডৰ সন্মুখত ডেনমার্ক

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ আত্মবিশ্বাসী ইংলেণ্ডে চলিত ইউৰো কাপৰ আজি হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ডেনমার্কৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ লণ্ডনৰ ৱেম্বলী ষ্টেডিয়ামত হ’বলগীয়া এই হাই ভ’ল্টেজ মেচখনত ইংলেণ্ডকে ফেভাৰিট আখ্যা দিয়া হৈছে৷

প্রতিযোগিতাখনৰ কোৱার্টাৰ ফাইনেলত ইউক্রেইনক ৪–০ গ’লত বিধ্বস্ত কৰি আত্মবিশ্বাস তুংগত থকা ইংলেণ্ডে প্রথমবাৰৰ ইউৰো কাপৰ ফাইনেলত প্রৱেশ কৰাৰ লক্ষ্য লৈছে৷ এতিয়ালৈকে ১০বাৰ প্রতিযোগিতাখনত ভাগ লৈছে যদিও এবাৰো ফাইনেলত প্রৱেশ কৰাৰ সৌভাগ্য ঘটা নাই ইংলেণ্ডৰ৷

১৯৬৮ চনত প্রথমবাৰৰ বাবে প্রতিযোগিতাখনৰ ছেমিত প্রৱেশ কৰা ইংলেণ্ডে ১৯৯৬ চনত অন্তিমবাৰৰ বাবে ইউৰো কাপৰ অন্তিম চাৰিত প্রৱেশ কৰিছিল৷ সুদীর্ঘ ২৫ বছৰৰ মূৰত প্রতিযোগিতাখনৰ ছেমিত প্রৱেশ কৰা ইংলেণ্ডে এইবাৰ চেম্পিয়ন হোৱাৰ লক্ষ্য লৈছে৷

সম্প্রতি দুর্দান্ত ফর্মত থকা ইংলেণ্ড দলটোক লৈ আত্মবিশ্বাসী দলটোৰ অধিনায়ক হেৰি কেন৷ আজিৰ মেচখনত ডেনমার্কৰ পৰা কঠিন প্রত্যাহ্বান লাভ কৰাটো নিশ্চিত বুলি উল্লেখ কৰি অধিনায়ক হেৰি কেনে কয় যে সতীর্থসকলে ক্রমান্বয়ে উন্নত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু আশা কৰিছোঁ আজিৰ মেচখনতো তেওঁলোকে উন্নত প্রদর্শন কৰি দলটোক প্রথমবাৰৰ বাবে ইউৰো কাপৰ ফাইনেলত প্রৱেশ কৰাব পাৰিব৷

খেলৰ সময়: নিশা ১২.৩০ বজা৷

You might also like