নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুল হাউছ ষ্টেডিয়ামত হ’ব টীম ইণ্ডিয়া–ইংলেণ্ডৰ টেষ্ট শৃংখলা

নিয়মীয়া বাৰ্তা ৭ জুলাইঃ বিগত বর্ষৰ মার্চৰ পিছত প্রথমবাৰৰ বাবে ইংলেণ্ডৰ ষ্টেডিয়াম দর্শকেৰে ভৰি পৰা দেখিবলৈ পোৱা যাব৷ ব্রিটিছ চৰকাৰে কালি দেশখনত ক’ভিড নীতি শিথিল কৰাত ভাৰত আৰু ইংলেণ্ডৰ মাজত অহা ৪ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া পাঁচখন মেচৰ টেষ্ট শৃংখলা ফুল হাউছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে৷

মন কৰিবলগীয়া মহামাৰী ক’ভিড–১৯এ বিশ্বত ত্রাসৰ সৃষ্টি কৰাৰ পিছৰে পৰা ইংলেণ্ডৰ ষ্টেডিয়ামসমূহত দর্শক অবিহনে অথবা ৫০ শতাংশ দর্শকৰ উপস্থিতিত মেচ অনুষ্ঠিত হৈ আছিল৷ কিন্তু বিৰাট কোহলি বাহিনীয়ে ইংলেণ্ডৰ বিৰুদ্ধে ফুলহাউছ ষ্টেডিয়ামত খেলাৰ সুযোগ পাব৷ ইয়াৰ পূর্বে ব্রিটেইন চৰকাৰে ইউৰো কাপৰ মেচত দর্শকৰ প্রৱেশত অনুমতি দিছিল৷ ইংলেণ্ড আৰু পাকিস্তানৰ মাজত লর্ডছত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় এদিনীয়াও দর্শকেৰে ভৰা ষ্টেডিয়ামত খেলোৱা হ’ব৷ ব্রিটিছ চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে ইংলেণ্ডৰ তাৰকা বেগী বলাৰ ষ্টুৱার্ট ব্রডে৷

মন কৰিবলগীয়া যে কোহলি নেতৃত্বাধীন ভাৰতীয় দলৰ খেলুৱৈসকল সম্প্রতি লণ্ডনত অৱসৰ বিনোদনত ব্যস্ত আছে আৰু অহা ১৪ জুলাইত ডাৰহামত তেওঁলোক একগোট হৈ টেষ্ট শৃংখলালৈ প্রস্তুতি আৰম্ভ কৰিব৷

You might also like