ইউৰোৰ কোৱার্টাৰ ফাইনেলঃ ডেনমার্কৰে যুঁজিব চেক গণৰাজ্যই; আজি ইংলেণ্ডৰ শক্তি পৰীক্ষা
নিয়মীয়া বাৰ্তা ৩ জুলাইঃ ইউৰো কাপৰ কোৱার্টাৰ ফাইনেলত আজি শক্তিশালী ইংলেণ্ড খেলপথাৰত নামিব৷ হেৰি কেন নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব ইউক্রেইন৷ ৰোমৰ ষ্টেডিঅ’ অলিম্পিকোত অনুষ্ঠিত হ’বলগীয়া মেচখনত ইংলেণ্ড ফেভাৰিট হিচাপে খেলপথাৰত নামিব যদিও ডার্ক হর্ছ ইউক্রেইনে অঘটন ঘটোৱাৰ সম্ভাৱনা নথকা নহয়৷ ২০১২ আৰু ২০১৬ৰ ইউৰো কাপৰ কোৱার্টাৰ ফাইনেলৰ পৰা বিদায় মগা ইংলেণ্ডে পূর্বৰ ব্যর্থতাৰ ইতিহাস সলনি কৰি সুদীর্ঘ ২৫ বছৰৰ মূৰত ছেমিফাইনেললৈ উন্নীত হোৱাৰ লক্ষ্যৰে ইউক্রেইনৰ বিৰুদ্ধে অৱতীর্ণ হ’ব৷
উল্লেখ্য যে ১৯৯৬ৰ ইউৰো কাপতে ইংলেণ্ডে অন্তিমবাৰৰ বাবে ছেমিফাইনেল খেলিছিল৷ ইফালে, মাত্র তিনিবাৰৰ বাবে ইউৰো কাপ খেলাৰ যোগ্যতা অর্জন কৰা ইউক্রেইনে প্রথমবাৰৰ বাবে প্রতিযোগিতাখনৰ নকআউট পর্যায়ত প্রৱেশ কৰিছে৷ ২০১২ আৰু ২০১৬ৰ ইউৰো কাপত ইউক্রেইনে প্রথম ৰাউণ্ডৰ পৰাই বিদায় মাগিছিল৷ দুয়োটা দলৰ মাজত শেহতীয়া চাৰিবাৰৰ মুখামুখিত ইংলেণ্ড আৰু ইউক্রেইনে দুবাৰ ড্র খেলাৰ বিপৰীতে এখনকৈ মেচত জয় সাব্যস্ত কৰিছে৷ ২০১২ৰ ইউৰো কাপৰ গ্রুপ পর্যায়ত দল দুটা পৰস্পৰৰ মুখামুখি হৈছিল আৰু সেইবাৰ ৱেইন ৰুনীৰ গ’লৰ সহায়ত ইংলেণ্ড বিজয়ী হৈছিল৷
মন কৰিবলগীয়া যে চলিত ইউৰো কাপৰ আটাইকেইখন মেচত জয়েৰে শক্তিৰ পৰিচয় দিয়া ইংলেণ্ডে অন্তিম ১৬ ৰাউণ্ডৰ মেচত শক্তিশালী জার্মানীক ২–০ গ’লত পৰাস্ত কৰি আত্মবিশ্বাসী হৈ আছে৷ ইফালে, ইউৰো কাপৰ আন এখন কোৱার্টাৰ ফাইনেলত কাইলৈ চেক গণৰাজ্যই ডেনমার্কৰ মুখামুখি হ’ব৷ বাকু অলিম্পিক ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত চেক গণৰাজ্যক ফুটবল বিশ্লেষকে ফেভাৰিট আখ্যা দিছে৷ দলটোৱে অন্তিম ১৬ ৰাউণ্ডৰ মেচত শক্তিশালী নেদাৰলেণ্ডছক ২–০ গ’লত পৰাস্ত কৰি শক্তিৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷ ১৯৯৬ৰ ৰানার্ছআপ দলটোৱে ২০০৪ত অন্তিমবাৰৰ বাবে ইউৰো কাপৰ ছেমিফাইনেল খেলিছিল৷ ইফালে, ডেনমার্কে ১৯৮৪ চনৰ পিছৰ পৰা ইউৰো কাপৰ ছেমিফাইনেলত প্রৱেশ কৰিব পৰা নাই৷