ব্যর্থতা : অৱসৰৰ চিন্তা মনলৈ অনা নাই কিং কোহলিয়ে
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ টেষ্ট ক্রিকেটত একেৰাহে ব্যর্থতা প্রদর্শন কৰাৰ পিছতো অৱসৰ গ্রহণৰ কথা ভবা নাই তাৰকা বেটাৰ বিৰাট কোহলিয়ে৷ সংবাদ সংস্থা পিটিআইৰ সূত্রই দাবী কৰা অনুসৰি, ৩৬ বছৰীয়া বিৰাটে ২০২৭ৰ এদিনীয়া বিশ্বকাপ পর্যন্ত খেলি যাব বিচাৰে৷ সমান্তৰালভাৱে টেষ্ট ক্রিকেটো খেলি যাব খোজে কিং কোহলিয়ে৷ উল্লেখ্য যে ২০২১ চনৰ পিছত বিগত চাৰি বছৰে কোহলিয়ে টেষ্ট ক্রিকেটত অফ ষ্টাম্পৰ বাহিৰৰ বল খেলিবলৈ গৈ আউট হৈছে ২৩ বাৰ৷ ২০২০ চনৰ পিছত টেষ্টত বিৰাটৰ গড় ৩০ৰ তলত৷ বিদেশৰ মাটিতো তেওঁৰ অৱস্থা শোচনীয়৷ এই পাঁচ বছৰত বিৰাটৰ প্রায় সমান ৰান কৰিছে অষ্ট্রেলিয়ান অধিনায়ক পেট কামিনছে৷ ২০২৪ চনত প্রথম ইনিংছত বিৰাটৰ গড় হ্রাস পাইছে একক সংখ্যালৈ৷ কিন্তু ইয়াৰ পিছতো ক্রিকেটক বিদায় জনাব বিচৰা নাই তেওঁ৷ পিটিআইৰ এটি সংবাদত দাবী কৰা হৈছে যে একেৰাহে ব্যর্থতাৰ পিছতো কোহলিয়ে অৱসৰ লোৱাৰ কথা ভবা নাই আৰু দুবছৰ পিছত ৫০ অভাৰৰ বিশ্বকাপ খেলিবলৈ আগ্রহ প্রকাশ কৰিছে৷ ইয়াৰ লগতে তেওঁ টেষ্ট ক্রিকেটো খেলি যাব৷ অর্থাৎ পৰৱর্তী দুবছৰ তেওঁ আন্তর্জাতিক ক্রিকেট অব্যাহত ৰাখিব৷ অৱশ্যে ভাৰতীয় নির্বাচকসকলে তেওঁক কিমান দিনলৈ খেলাৰ সুযোগ দিয়ে, সেয়া লক্ষণীয় হ’ব৷