নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেড কাপত উজলিল অর্জুন হিমাঃ স্বর্ণসহ নতুন ৰাষ্ট্রীয় অভিলেখ অম্লানৰ

নিয়মীয়া বাৰ্তা, ৬ এপ্রিলঃ ক’ভিডৰ কৰালগ্রাসত পৰি সমগ্র বিশ্বৰ ক্রীড়া ক্ষেত্রই অপূৰণীয় ক্ষতিৰ সন্মুখীন হোৱাৰ সমান্তৰালভাৱে ইয়াৰ কুফল ভুগিবলগীয়া হৈছিল ভাৰতৰ ক্রীড়াবিদসকলেও৷ এই অতিমাৰীৰ প্রকোপে অসমৰ খেল জগতখনতো বিৰূপ প্রভাৱ পেলাইছিল যদিও স্তব্ধ কৰিব পৰা নাই অসম তথা দেশৰ দুগৰাকী দৌৰবিদ হিমা দাস আৰু অম্লান বৰগোহাঁইৰ সফলতাৰ দুৰন্ত গতি৷ প্রায় দুবছৰ ধৰি ৰাজ্যত ক্রীড়া জগত একপ্রকাৰ স্থবিৰ হৈ পৰাৰ পাছত ৰাষ্ট্রীয় প্রেক্ষাপটত পুনৰ উজলি উঠিল দুই অসম সন্তান অর্জুন বঁটা বিজয়ী হিমা দাস আৰু দেশৰ এথলেটিকছ জগতৰ শেহতীয়া বিস্ময় অম্লান বৰগোহাঁই৷ কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ২৫সংখ্যক ছিনিয়ৰ ৰাষ্ট্রীয় ফেডাৰেচন কাপ এথলেটিকছ প্রতিযোগিতাত অম্লানে দুৰন্ত প্রদর্শনেৰে অভিলেখসহ স্বর্ণপদক জয় কৰিবলৈ সক্ষম হৈছে৷ পুৰুষৰ ২০০ মিটাৰ দৌৰত খেলুৱৈগৰাকীয়ে ২০.৫২ ছেকেণ্ড সময়েৰে ৰাষ্ট্রীয় অভিলেখ স্থাপন কৰি অর্জন কৰে স্বর্ণপদক৷ এই কৃতিত্বৰ জৰিয়তে অসমবাসীক গর্বিত কৰা অম্লানে অহা জুলাই মাহত আমেৰিকা যুক্তৰাষ্ট্রৰ অৰেগনত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ছিনিয়ৰ চেম্পিয়নশ্বিপলৈ যোগ্যতা অর্জন কৰে৷ উল্লেখ্য যে বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা নির্ণয় কৰা অম্লান হৈছে অসমৰ প্রথমগৰাকী এথলীট৷ চলিত বর্ষত অনুষ্ঠিত হ’বলগীয়া এই বৃহৎ প্রতিযোগিতাখনত ট্রেকত নামিলেই অম্লানে এক নতুন ইতিহাস ৰচিবলৈ সক্ষম হ’ব৷ কেৱল এয়াই নহয়, আজি ফেডাৰেচন কাপত দাঙি ধৰা দুর্দান্ত প্রদর্শনৰ বাবে অম্লানে এই বছৰৰে শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া ২২সংখ্যক এছিয়ান গেমছলৈও যোগ্যতা অর্জন কৰিছে৷ অসমৰ আনগৰাকী স্বর্ণ কন্যা তথা অর্জুন বঁটা বিজয়ী হিমা দাসেও প্রতিযোগিতাখনত মহিলাৰ ২০০ মিটাৰ দৌৰত ২৩.৬৩ ছেকেণ্ডেৰে দখল কৰিছে সোণৰ পদক৷ স্বর্ণপদকৰ লক্ষ্যত হিমাই সময় লয় ২৩.৬৩ ছেকেণ্ড৷ উল্লেখ্য যে অর্জুন বঁটা বিজয়ী হিমাক অসম চৰকাৰে আৰক্ষী বিভাগৰ বিষয়া পদত নিযুক্তি দিয়াক লৈ একাংশই তীব্র সমালোচনা কৰিছিল আৰু ইয়াৰ প্রভাৱ তেওঁৰ প্রদর্শনৰ ওপৰত পৰিব বুলি অভিযোগ কৰিছিল৷ কিন্তু ক’ৰোনা মহামাৰীয়ে ক্রীড়া জগত আচ্ছন্ন কৰি ৰখাৰ পাছতো আজিৰ এই প্রদর্শনেৰে হিমাই সমালোচকসকলক যোগ্য প্রত্যুত্তৰ দিলে৷ ৰাজ্যৰ ক্রীড়া বিশেষজ্ঞসকলৰ মতে হিমা দাস আৰু অম্লান বৰগোহাঁইৰ এই সফলতাই অসমৰ এথলেটিকছ জগতলৈ এক নতুন বার্তা প্রেৰণ কৰিব৷ খেলুৱৈ দুগৰাকীৰ সফলতাত উৎফুল্লিত হৈ পৰা প্রশিক্ষক নিপন দাসে তেওঁলোকলৈ অভিনন্দন জনাইছে৷ মন কৰিবলগীয়া যে অর্জুন হিমা দাসে আন্তঃৰাষ্ট্রীয় পর্যায়ত ইতিমধ্যে বহুবাৰ নিজৰ দক্ষতা প্রতীয়মাণ কৰিছে যদিও বর্তমান সময়ত ২৩ বছৰীয়া অসম সন্তান অম্লান বৰগোহাঁয়ে দেশৰ এথলেটিকছ জগতত প্রচুৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে৷ বিগত বর্ষটোত ঈর্ষণীয় প্রদর্শনেৰে তেওঁ তিনিখনকৈ ৰাষ্ট্রীয় প্রতিযোগিতাত স্বর্ণপদক অর্জনেৰে সকলোৰে দৃষ্টি আকর্ষণ কৰে৷ ২০১৯ চনৰ পৰা ওড়িশাত প্রশিক্ষণ গ্রহণ কৰি থকা অম্লানে এছিয়ান গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা অর্জন কৰাৰ পাছত অলিম্পিকত দেশক প্রতিনিধিত্ব কৰাৰ আশাও সজীৱ হৈ পৰিল৷

You might also like