অষ্ট্রেলিয়ান অ’পেনৰ পৰা বাহিৰ ফেডেৰাৰ
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ ২০বাৰৰ গ্রেণ্ডশ্লাম চেম্পিয়ন ৰ’জাৰ ফেডেৰাৰক আগন্তুক অষ্ট্রেলিয়ান অ’পেনত দেখিবলৈ পোৱা নাযাব৷ আঁঠুৰ অস্ত্রোপচাৰৰ পিছত সম্পূর্ণৰূপে সুস্থ হৈ নুঠাৰ বাবে ৩৯ বছৰীয়া ছুইজাৰলেণ্ডৰ তাৰকাগৰাকীয়ে গ্রেণ্ডশ্লাম প্রতিযোগিতাখনৰ পৰা নাম প্রত্যাহাৰ কৰিছে৷ অহা ৮ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া অষ্ট্রেলিয়ান অ’পেনৰ আয়োজকমণ্ডলীয়ে আজি এই কথা সদৰী কৰিছে৷
উল্লেখ্য যে ২০০০ চনত অষ্ট্রেলিয়ান অ’পেনত অভিষেক ঘটোৱাৰে পৰা ফেডেৰাৰে প্রতিবাৰে গ্রেণ্ডশ্লাম ইভেণ্টখনত প্রতিদ্বন্দ্বিতা আগবঢ়াই আহিছিল৷ আঘাতৰ বাবে চলিত বর্ষৰ ফেব্রুৱাৰী মাহৰ পৰাই খেলপথাৰৰ বাহিৰত থকা ছুইজাৰলেণ্ডৰ কিংবদন্তিগৰাকীয়ে শেহতীয়াকৈ অনুশীলনলৈ উভতিছে যদিও অষ্ট্রেলিয়ান অ’পেনত অংশ ল’ব পৰাকৈ সুস্থ হৈ উঠা নাই৷