নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰ্বাডোজৰ পৰা পোনে পোনে জিম্বাবুৱে যাত্ৰা ৫ ভাৰতীয় খেলুৱৈৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জুলাইঃ বিশ্ব চেম্পিয়ন ভাৰতীয় ক্ৰিকেট দলৰ বিষয়ে ডাঙৰ ডাঙৰ তথ্য আহি আছে। বাৰ্বাডোজৰ পৰা ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়া ঘূৰি অহা সন্দৰ্ভত পৰিস্থিতি স্পষ্ট হৈ পৰিছে। তথ্য অনুসৰি কাইলৈ ভাৰতলৈ উভতি আহিব ভাৰতীয় ক্ৰিকেট দল। এই খবৰে সকলো দেশবাসীক অতি আনন্দ দিছে, কাৰণ ভাৰতীয় খেলুৱৈসকলক আদৰিবলৈ সকলোৱে আগ্ৰহেৰে বাট চাই আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কাইলৈ নিশা প্ৰায় ৮ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভাৰতীয় দল অৱতৰণ কৰিব, কিন্তু ডাঙৰ কথাটো হ’ল দলৰ সৈতে ৫জন খেলুৱৈ ঘূৰি নাহে। সেই অনুসৰি বাৰ্বাডোজৰ পৰা উভতি নাহে শিৱম ডুবে আৰু ৰিংকু সিঙকে ধৰি ৫জন খেলুৱৈ। আচলতে ইয়াৰ আঁৰৰ কাৰণ হৈছে জিম্বাবুৱেৰ বিৰুদ্ধে হোৱা শৃংখলা। ৬ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া জিম্বাবুৱেৰ বিৰুদ্ধে ৫খন খেলৰ টি-২০ শৃংখলা খেলিব লাগিব আৰু ডুবেৰ বাহিৰেও ৰিংকু, যশস্বী জয়ছোৱাল, সঞ্জু চেমছন আৰু খলিল আহমেদ জিম্বাবুৱে ভ্ৰমণৰ সদস্য। সেয়ে এই আটাইকেইজন খেলুৱৈয়ে ভাৰতলৈ উভতি নাহিব যদিও বাৰ্বাডোজৰ পৰা পোনপটীয়াকৈ জিম্বাবুৱেলৈ ৰাওনা হ’ব। ইফালে শুভমন গিলৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে জিম্বাবুৱেলৈ ৰাওনা হৈছে।

You might also like