পিতৃৰ পদাংক অনুসৰণ : সেহৱাগ-পুত্রৰ দ্বি–শতক অর্জন
🔹 ২০১৫ চনত সেহৱাগৰ প্রতিজ্ঞা আৰু বিলাসী ফেৰাৰী
নিউজ ডেস্ক, ২৩ নৱেম্বৰ : বীৰেন্দ্র সেহৱাগক আজিও ক্রিকেট জগতে মনত ৰাখিছে তেওঁৰ বিধ্বংসী বেটিঙৰ বাবে৷ এইবাৰ আহিছে তেওঁৰ উত্তৰসূৰী৷ পিতৃৰ দৰে মাৰমুখী বেটিঙেৰে সেই ধাৰা অব্যাহত ৰাখিছে পুত্র আর্যবীৰে৷ তেওঁ ২৯৭ ৰান সংগ্রহ কৰি আউট হয়৷ কোচবিহাৰ ট্রফীত দিল্লীৰ হৈ মেঘালয়ৰ বিৰুদ্ধে আর্যবীৰে দ্বি–শতকীয় ৰানৰ ইনিংছটো উপহাৰ দিয়ে৷ উল্লেখ্য যে তেওঁৰ এই ইনিংছটোৰ পিছতে ছ’চিয়েল মিডিয়াত সেহৱাগে লেখিছে– মাত্র ২৩ ৰানৰ বাবে ফেৰাৰীৰ পৰা বঞ্চিত হ’লা৷ নিজৰ ভিতৰত এই জুইকুৰা জ্বলাই ৰাখা৷ আশা কৰিছোঁ– পিতৃৰ দৰে শতৰান, দ্বি–শতৰান আৰু ত্রি–শতৰান কৰিব পাৰিবা৷ আমোদজনক কথাটো হৈছে, ২০১৫ চনত তেওঁ প্রতিজ্ঞা কৰিছিল যে আর্যবীৰে ৩১৯ ৰান কৰি সেহৱাগৰ অভিলেখ ভাঙিব পাৰিলে বিশেষ পুৰস্কাৰ হিচাপে এখন ফেৰাৰী গাড়ী দিয়া হ’ব৷ কিন্তু আর্যবীৰ আউট হয় ২৯৭ ৰানত৷ তেওঁ ৩০৯টা বলৰ সন্মুখীন হয়৷ মাত্র ৩ ৰানৰ বাবে ত্রি–শতৰানৰ সুযোগ হেৰুৱায় আর্যবীৰে৷ আনহাতে, ২৩ ৰানৰ বাবে তেওঁ পিতৃৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে৷ উল্লেখ্য যে ভাৰতীয় ক্রিকেটাৰসকলৰ ভিতৰত সেহৱাগে প্রথম ত্রি–শতৰান কৰিছিল৷ ২০০৪ চনত পাকিস্তানৰ বিৰুদ্ধে তেওঁ কৰিছিল ৩০৯ ৰান৷ ইয়াৰ চাৰি বছৰৰ পিছত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে কৰিছিল ৩১৯ ৰান৷ সেই অভিলেখ আর্যবীৰে ভাঙিব নোৱাৰিলে৷ মেঘালয়ৰ বিৰুদ্ধে ২৯৭ ৰান কৰি আউট হোৱা আর্যবীৰৰ বেটিঙত ক্রিকেট মহলে দেখিবলৈ পাইছে পিতৃৰ ছায়া৷ একে স্থানত থিয় হৈ তীব্র শ্বট খেলি বল বাউণ্ডেৰীৰ বাহিৰলৈ মাৰি পঠিওৱা পিতৃৰ ষ্টাইলতে বেটিং কৰে জ্যেষ্ঠ পুত্র আর্যবীৰে৷