নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন বাংলাদেশী অধিনায়ক তামিম ইকবালৰ হাৰ্ট এটেক, চিকিৎসালয়ত ভৰ্তি

নিউজ ডেস্ক, ২৪ মাৰ্চঃ আজি ছাভাৰত অনুষ্ঠিত ঢাকা প্ৰিমিয়াৰ লীগ (ডিপিএল) খেলৰ সময়ত ব্যাপক হাৰ্ট এটেকত আক্ৰান্ত হো বাংলাদেশৰ প্ৰাক্তন অধিনায়ক তামিম ইকবালক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বি কে এছ পিত চলি থকা ঢাকা প্ৰিমিয়াৰ লীগত শ্বাইনেপুকুৰ ক্ৰিকেট ক্লাবৰ বিৰুদ্ধে মহম্মদ স্প’ৰ্টিং ক্লাবক নেতৃত্ব দি থকা ৩৬ বছৰীয়া বেটছমেনগৰাকীয়ে খেলপথাৰত থকাৰ সময়তে হঠাতে বুকুত অস্বস্তি অনুভৱ কৰিছিল। খেলপথাৰত চিকিৎসাৰ ব্যৱস্থা কৰাৰ পিছত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

বিচিবিৰ মুখ্য চিকিৎসক দেৱাশীষ চৌধুৰীয়ে নিশ্চিত কৰে যে তেওঁৰ বুকুৰ বিষ হোৱা বুলি অভিযোগ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁক পৰীক্ষা কৰি ইচিজি কৰা হয়।

দিলে চমক, চিএছকেৰ বিৰুদ্ধে কেনেকৈ সুযোগ পালে ভিগনেশে?

“প্ৰথম তেজৰ পৰীক্ষাত এটা সমস্যা হৈছিল। তেওঁ কয় যে তেওঁ অস্বস্তি অনুভৱ কৰিছিল আৰু ঢাকালৈ উভতি যাব বিচাৰিছিল। এম্বুলেন্স মাতিছিল আৰু চিকিৎসালয়ৰ পৰা খেলপথাৰলৈ উভতি আহোঁতে তেওঁৰ বুকুত পুনৰ বিষ অনুভৱ হৈছিল। তাৰ পিছত তেওঁক দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়লৈ অনা হৈছিল আৰু এনে লাগিছিল যে তেওঁৰ বৃহৎ হাৰ্ট এটেক হৈছে। এতিয়া তেওঁক ফাজিলাটুনেছা হাস্পতালত পৰ্যবেক্ষণ কৰা হৈছে।”

তামিমৰ অপাৰেচন চলি আছে আৰু তেওঁৰ হৃদযন্ত্ৰত এটা আঙঠি (ষ্টেণ্ট, সৰু জালৰ নলী এটা সংকীৰ্ণ বা বন্ধ হৈ যোৱা ক’ৰ’নাৰী ধমনীত সুমুৱাই দিয়া হয় যাতে ইয়াক মুকলি কৰি ৰাখিবলৈ আৰু সঠিকভাৱে তেজৰ সোঁত নিশ্চিত কৰা হয়) স্থাপন কৰা হ’ব।

📌 ৰাইজৰ ৰুদ্ৰমূৰ্তি… নিশা কাছাৰত উত্তপ্ত পৰিস্থিতি। 📌 চেন্ট্ৰো বাহনত গৰু চুৰি। এটা গৰু চোৰ কৰায়ত্ত।

You might also like