আফগানিস্তানক প্রশংসাৰে উপচালে প্রাক্তন ক্রিকেটাৰে
নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ চলিত চেম্পিয়নছ ট্ৰফীৰ গুৰুত্বপূর্ণ মেচত আফগানিস্তানে ইংলেণ্ডক পৰাস্ত কৰাৰ পিছতে দলটোক প্রশংসাৰে উপচাইছে প্রাক্তন ক্রিকেটাৰে৷ ক্রিকেট বিশ্বত এতিয়া কেৱল আফগানিস্তানক লৈয়ে চর্চা৷ দলটোৰ এনে যুঁজাৰু মানসিকতাক সকলোৱে একমুখে স্বীকাৰ কৰাৰ লগতে আগন্তুক সময়ত যে দলটোৱে ডাঙৰ অঘটন কৰিবলৈ প্রস্তুত সেই কথাও মুকলিকৈ উল্লেখ কৰিছে৷ বুধবাৰে ইংলেণ্ডৰ বিৰুদ্ধে মৰণপণ যুঁজত আফগানিস্তানে ইংলেণ্ডক ৮ ৰানত পৰাস্ত কৰে৷ তাৰ পাছতে আফগানিস্তানৰ দলটো সর্বত্র প্রশংসিত হৈছে৷ আফগানিস্তানৰ এই জয়ৰ পিছতে উল্লাসিত হৈ পৰিছে ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ৷ তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘আফগানিস্তানে আন্তঃৰাষ্ট্রীয় ক্রিকেটত ধাৰাবাহিকভাৱে উন্নতি কৰিছে৷ তেওঁলোক মেচত জয়ী হোৱাটোক একেবাৰেই অঘটন বুলি ক’ব নোৱাৰি৷ কাৰণ আফগানিস্তানে মেচত জয়ী হোৱাৰ অভ্যাস গঢ়ি তুলিছে৷ তদুপৰি তেওঁ শতক অর্জন কৰা ইব্রাহিম আৰু ৫টা ডহকেট দখল কৰা আজমাতুল্লাহ ওমৰজাইক অভিনন্দন জনায়৷ কেৱল শচীনেই নহয়, ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন প্রশিক্ষক ৰবি শাস্ত্রীয়েও দলটোক এই বিজয়ৰ বাবে অভিনন্দন জনাইছে৷ ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ সময়ত আফগানিস্তানৰ মেণ্টৰ হিচাপে দায়িত্বত থকা অজয় জাডেজাও আফগানিস্তানৰ এই প্রদর্শনক লৈ অত্যন্ত সুখী৷ ইফালে চেম্পিয়নছ ট্ৰফীৰ পৰা পাকিস্তান বাহিৰ হোৱাত দুখী যদিও দেশখনৰ প্রাক্তন বেগী বলাৰ ছোৱাইব আখতাৰেও আফগানিস্তানক উচ্চ প্রশংসা কৰিছে আৰু ছেমিফাইনেলত নিজৰ স্থান নিশ্চিতৰ কাৰণে সকলো চেষ্টা কৰিবলৈ আহ্বান জনাইছে৷