অজুহাত নহয়, এতিয়া ফলাফল দিয়ক
🔹 দ্বিতীয় টেষ্টৰ পূর্বে প্রশিক্ষক গম্ভীৰক সকীয়নি প্রাক্তন সতীর্থৰ
নিউজ ডেস্ক, ২৯ জুন : ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া দ্বিতীয়খন টেষ্টৰ পূর্বে চাপত ভুগিছে টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ৷ এণ্ডাৰছন–তেণ্ডুলকাৰ টেষ্ট শৃংখলাৰ প্রথমখন টেষ্টত পৰাজয়ৰ পাছত দ্বিতীয়খন টেষ্টত জয়লাভ কৰি শৃংখলাটোত প্রত্যাৱর্তন কৰাৰ বাবে উঠি-পৰি লাগি থকাৰ সময়তে টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰক সকীয়নি দিলে প্রাক্তন সতীর্থ তথা টীম ইণ্ডিয়াৰ প্রাক্তন খেলুৱৈ আকাশ চোপ্রাই৷
ভাৰতৰ প্রাক্তন খেলুৱৈগৰাকীয়ে অনুভৱ কৰিছে যে যদি ইংলেণ্ডৰ হাতত টেষ্ট শৃংখলাটোত ভাৰত পৰাস্ত হয়, তেতিয়াহ’লে ৰেড বল ক্রিকেটত গম্ভীৰৰ প্রশিক্ষক পদক লৈ প্রশ্ণ উত্থাপন হ’ব৷ মই ভাবোঁ- টেষ্টত গম্ভীৰৰ ভৱিষ্যতক লৈ প্রশ্ণ উত্থাপন হ’ব৷ মোৰ মতে চলিত টেষ্ট শৃংখলাটোত গম্ভীৰৰ লগতে বাকী সহকর্মীসকলো চাপত থাকিব৷ যদি শৃংখলাটোত পৰাস্ত হয়, তেন্তে ভাৰতীয় দলটো কি দিশে আগবাঢ়িছে সেই সম্পর্কে প্রশ্ণ উত্থাপন হ’ব৷ নির্বাচকসকলে আপোনাক সকলোখিনি দিছে৷ আপুনি বিচৰা প্রশিক্ষকসকলকো তেওঁলোকে আপোনাক দিছে৷ গতিকে এইবাৰ ফলাফল দিয়া উচিত৷ কোনো অজুহাত দেখুৱাব নালাগে৷
উল্লেখ্য যে গম্ভীৰে প্রশিক্ষকৰ দায়িত্ব লোৱাৰ পাছৰে পৰা ভাৰতীয় দলটোৱে ১০খন টেষ্টৰ ভিতৰত ৭খন টেষ্টতে পৰাজয়ৰ মুখ দেখিছে৷ যাৰ ফলত গৌতম গম্ভীৰৰ ওপৰত চাপ বৃদ্ধি পাবলৈ ধৰিছে৷ বাংলাদেশৰ বিৰুদ্ধে দুখন আৰু অষ্ট্রেলিয়াৰ বিৰুদ্ধে এখন টেষ্টত জয়লাভ কৰাৰ বিপৰীতে নিউজিলেণ্ড আৰু অষ্ট্রেলিয়াৰ বিৰুদ্ধে তিনিখনকৈ মেচত পৰাস্ত হোৱাৰ পাছত শেহতীয়াভাৱে ইংলেণ্ডৰ হাতত এখন টেষ্টত পৰাস্ত হৈছে৷ উল্লেখ্য যে অহা ২ জুলাইৰ পৰা বার্মিংহামত অনুষ্ঠিত হ’ব টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ দ্বিতীয়খন টেষ্ট৷