জিম্বাব’ৱেৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ হিথ ষ্ট্ৰিকৰ পৰলোকপ্ৰাপ্তি
বিশেষ বাৰ্তা, ৩ ছেপ্টেম্বৰ : জিম্বাব’ৱেৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ হিথ ষ্ট্ৰিকে ইহলীলা সম্বৰণ কৰে। দেওবাৰে পুৱা ক্ৰিকেটাৰগৰাকীৰ পত্নীয়ে তেওঁৰ মৃত্যুৰ খবৰ দিয়ে। বহুদিন ধৰি কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন অলৰাউণ্ডাৰগৰাকী। ২৩ আগষ্টত তেওঁৰ হঠাৎ মৃত্যুৰ উৰাবাতৰি বিয়পি পৰে। যদিও সেই সময়ত তেওঁ নিজেই কৈছিল যে তেওঁ সুস্থ। কিন্তু শেষত কেন্সাৰৰ সৈতে যুঁজি তেওঁ নিজৰ ঘৰতে ৪৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। দেওবাৰে পুৱা ফেচবুকযোগে তেওঁৰ পত্নী নাডিনে জিম্বাব’ৱেৰ প্ৰাক্তন অলৰাউণ্ডাৰগৰাকীৰ মৃত্যুৰ কথা ঘোষণা কৰে। তেওঁ লিখিছে- “৩ ছেপ্টেম্বৰৰ পুৱা মোৰ জীৱনৰ আটাইতকৈ মৰমৰ মানুহজন তৰাৰ দেশলৈ গুচি য়ায। ঘৰতে শেষ উশাহ ল’লে তেওঁ। সদায় জীৱনৰ শেষৰ কেইটামান দিন পৰিয়াল আৰু ঘনিষ্ঠ মানুহৰ লগত কটাব বিচাৰিছিল। সকলোকে এৰি হিথ ষ্ট্ৰিকে তৰাৰ দেশলৈ গুচি গ’ল।”