মৰিয়নি ছ’ট’কান কাৰাটে একাডেমীৰ চাৰি প্ৰশিক্ষাৰ্থীৰ ব্লেক বেল্ট লাভ
বিশেষ বাৰ্তা, ২৭ এপ্ৰিলঃ মৰিয়নিৰ ছ’ট’কান কাৰাটে একাডেমীৰ চাৰিজনকৈ প্ৰশিক্ষাৰ্থীয়ে কাৰাটেত ব্লেক বেল্ট লাভ কৰি মৰিয়নিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ ভোগেশ্বৰ ফুকননী ইনডোৰ ষ্টেডিয়ামত কাৰাটেৰ ষ্টাইল হেড অৱ ইণ্ডিয়াৰ চিহান জিতেন দাসৰ তত্বাৱধানত এই বেল্টৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। এই বেল্ট পৰীক্ষাত মৰিয়নিৰ অংকিতা হাজৰিকা, আইনি প্ৰিয়া শইকীয়া, আৰ্টিনাশান নেওগ আৰু অনিমেষ দত্তই সফলতাৰে উত্তীৰ্ণ হৈ ব্লেক বেল্ট লাভ কৰিবলৈ সক্ষম হৈছে। এওঁলোকে মৰিয়নিৰ কিংশুক ক্ৰীড়া-সাংস্কৃতিক চ’ৰাৰ প্ৰেক্ষাগৃহত ছ’ট’কান কাৰাটে একাডেমীৰ মুখ্য প্ৰশিক্ষক চেনচাই দেৱজিত শইকীয়াৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। এওঁলোকৰ সাফল্যই মৰিয়নিলৈ গৌৰৱ কঢ়িয়াই আনিছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া