নিউজ ডেস্ক, ১৭ মে’ : গিলক টেষ্ট অধিনায়ক হিচাপে বিচাৰে গম্ভীৰে। টেষ্ট ক্রিকেটৰ পৰা ৰোহিত শর্মাই অৱসৰ লোৱাৰ পিছত দীর্ঘ সময় ধৰি ভাৰতীয় দলক নেতৃত্ব দিব পৰা ব্যক্তিৰ সন্ধানত নামি পৰিছে টীম ইণ্ডিয়াৰ প্রশিক্ষক গৌতম গম্ভীৰ৷ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহে টেষ্ট অধিনায়কৰ প্রস্তাৱ প্রত্যাখ্যান কৰাৰ পিছত ভাৰতীয় টেষ্ট দলটোৰ অধিনায়কৰ দৌৰত আগবাঢ়ি আছে তাৰকা বেটাৰ শুভমন গিল৷ প্রশিক্ষক গৌতম গম্ভীৰে শুভমন গিলক ভাৰতীয় টেষ্ট দলটোক নেতৃত্ব দিয়াৰ ইংগিত দিছে৷ কেৱল সেয়াই নহয়, তাৰকা বেটাৰগৰাকীৰ সৈতে তেওঁৰ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰিলে প্রশিক্ষক গৌতম গম্ভীৰে৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি, আইপিএলৰ বিৰতিৰ সময়ত শুভমনে দিল্লীস্থিত গম্ভীৰৰ ঘৰলৈ গৈছিল৷ দুয়োজনে চাৰি–পাঁচ ঘণ্টা ধৰি বৈঠকত মিলিত হয়৷ চেম্পিয়নছ ট্রফীৰ চেম্পিয়ন ভাৰতীয় দলটোৰ সহঃ অধিনায়কৰ দায়িত্বত থকা গিলক ৰেড বল ক্রিকেটৰ নেতৃত্ব দিব বিচাৰিছে গম্ভীৰে৷ অৱশ্যে চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূর্বে নির্বাচকসকলৰ সৈতে কথা পাতিব প্রশিক্ষক গম্ভীৰে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ এজন বিষয়াই কয় যে অধিনায়ক হিচাপে শুভমনৰ দক্ষতা প্রমাণ হৈছে৷ বিগত বছৰৰ পৰা গুজৰাট টাইটানছৰ নেতৃত্ব দি আহিছে৷ এইবাৰো পইণ্ট তালিকাৰ শীর্ষত আছে শুভমন বাহিনী৷ উল্লেখ্য যে ২০ জুনৰ পৰা ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ বাবে চলিত মাহৰ শেষৰফালে ভাৰতীয় দলটো ঘোষণা কৰাৰ সম্ভাৱনা আছে৷