নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গম্ভীৰেই হ’ব টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক

🔹 সলনি হ’ব ক্রিকেটাৰ, ছাপোর্টিং ষ্টাফো ! 

বিশেষ বাৰ্তা, ১৭ জুন : ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও টীম ইণ্ডিয়াৰ প্রাক্তন ক্রিকেটাৰ তথা ২০১১ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোৰ অন্যতম সদস্য গৌতম গম্ভীৰেই ভাৰতীয় দলৰ পৰৱর্তী মুখ্য প্রশিক্ষক হোৱাটো নিশ্চিত হৈ পৰিছে৷ জানিব পৰা মতে, চলিত মাহৰ শেষভাগত বিচিচিআয়ে এই সন্দর্ভত আনুষ্ঠানিক ঘোষণা কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ বিবিচিআইৰ এক সূত্রত প্রকাশ পোৱা মতেস, গম্ভীৰ আৰু বিচিচিআইৰ মাজত ইতিমধ্যে এই সম্পর্কে আলোচনা সমাপ্ত হৈছে৷ বর্তমান মুখ্য প্রশিক্ষক ৰাহুল দ্রাবিড়ৰ উত্তৰসুৰী হিচাপে গম্ভীৰে ভাৰতীয় দলটোৰ এই গুৰু দায়িত্ব চম্ভালিবলৈ সম্পূর্ণৰূপে সাজু হৈছে৷ গৌতম গম্ভীৰে ভাৰতীয় দলটোৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব গ্রহণ কৰাৰ ক্ষেত্রত কেতবোৰ চর্ত আৰোপ কৰিছে৷ জানিব পৰা মতে, বলিং, বেটিং, ফিল্ডিং আদিৰ সহকাৰী প্রশিক্ষকসকলকো গম্ভীৰৰ পছন্দ অনুসৰিয়েই নির্বাচিত কৰিব৷ এইক্ষেত্রত ব’র্ডে গম্ভীৰক সেউজ সংকেত প্রদান কৰিছে৷ আনহাতে, গৌতম গম্ভীৰৰ আগমনে ভাৰতীয় দলটোত বহু সালসলনিৰ ইংগিত প্রদান কৰিছে৷ গম্ভীৰৰ আগমনে কেইবাজনো ক্রিকেটাৰৰ আন্তঃৰাষ্ট্রীয় কেৰিয়াৰ হয়তো চমু কৰি আনিব পাৰে৷

You might also like