নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ক্রিকেটৰ সৈতে জড়িত হ’ল জুৱা সংস্থা

🔴 ৱেষ্ট ইণ্ডিজ ভ্রমণৰ পূর্বেই ৰোহিত বাহিনীৰ নতুন স্পনছ’ৰ

বিশেষ বাৰ্তা, ১ জুলাই : এটি ফেণ্টাছী স্প’ৰ্টছ প্লেটফর্ম সংস্থাৰ সৈতে তিনি বছৰৰ চুক্তি কৰিছে ভাৰতীয় ক্রিকেট ব’র্ডে ৷ তেওঁলোকে এতিয়া ভাৰতীয় দলৰ মুখ্য স্পনছৰ৷ কিন্তু সেই সংস্থাৰ এপত টকাৰ বিনিময়ত খেলি ধন উপার্জন কৰিব পৰা যায় ৷ এক ধৰণৰ জুৱা খেল হয় এই এপত ৷ এসময়ত আইপিএলৰ স্পনছ’ৰ আছিল এই সংস্থাটো ৷ আজি ব’ৰ্ডৰ তৰফৰ পৰা জনোৱা হয় যে অহা ৩ বছৰৰ বাবে ভাৰতীয় ক্রিকেট দলৰ প্রধান স্পনছ’ৰ হ’ব ‘ড্রীম ইলেভেন’ ৷ ব’ৰ্ডৰ সভাপতি ৰ’জাৰ বিন্নীয়ে কয়- ড্রীম ইলেভেনক শুভেচ্ছা জনাইছোঁ ৷ এসময়ত ব’ৰ্ডৰ অফিচিয়েল স্পনছ’ৰ আছিল এই সংস্থা ৷ এতিয়াৰ পৰা তেওঁলোক প্রধান স্পনছ’ৰ। ব’ৰ্ডৰ সৈতে এই সংস্থাৰ সম্পর্ক অধিক মজবুত হ’ল৷ এই বছৰৰ শেষৰফালে ভাৰতত অনুষ্ঠিত হ’ব বিশ্বকাপ ৷ সমর্থকসকলক শ্রেষ্ঠ উপহাৰ দিব বিচাৰোঁ আমি ৷ আশা কৰিছোঁ সেয়া সম্ভৱপৰ হ’ব ৷ সংস্থাটোৰ মুখ্য কার্যবাহী বিষয়া হর্ষ জৈনে কয় যে ভাৰতীয় দলৰ মুখ্য স্পনছৰ হ’বলৈ পোৱাটো তেওঁলোকৰ বাবে গৌৰৱৰ বিষয়৷ উল্লেখ্য যে ২০২০ চনত আইপিএলৰ স্পনছ’ৰ হৈছিল এই সংস্থাটো ৷ চীনা পণ্য বয়কটৰ ফলত আইপিএলৰ মুখ্য স্পনছ’ৰৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছিল ভিভ’৷ সেই সময়ত স্পনছ’ৰ হৈছিল ‘ড্রীম ইলেভেন’৷ সেই সময়ত বিচিচিআয়ে জনাইছিল যে তিনি বছৰৰ বাবে ব’ৰ্ডৰ সৈতে চুক্তিবদ্ধ হৈছে সংস্থাটো ৷ চর্ত অনুসৰি প্রথম বছৰত সংস্থাটোৱে ২২২কোটি টকা বিচিচিআইক দিব ৷ পৰৱর্তী দুবছৰত ২৪০ কোটি টকাকৈ ব’ৰ্ডক  দিব ড্রীম ইলেভেনে ৷ বর্তমান আইপিএলৰ স্পনছ’ৰ হৈছে টাটা ৷ কেৰিবিয়ান ভ্রমণত ভাৰতৰ জার্ছীত ড্রীম ইলেভেনৰ নাম দেখা যাব৷

You might also like