চিকিৎসালয় এৰি ঘৰলৈ উভতিল গাংগুলী
নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ চিকিৎসালয়ৰ বিছনাত পাঁচটা দিন কটাই ঘৰলৈ উভতিল বংগৰ মহাৰাজা সৌৰভ গাংগুলী৷ যোৱা ২ জানুৱাৰীত হূদৰোগত আক্রান্ত হৈ কলকাতাৰ উডলেণ্ডছ হাস্পতালত চিকিৎসাধীন হোৱা ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীয়ে আজি চিকিৎসালয় এৰাৰ অনুমতি লাভ কৰে৷ চিকিৎসালয়খনৰ মুৰব্বী ডাঃ ৰূপালী বসুৱে আজি কয় যে গাংগুলী এতিয়া সুস্থ হৈ উঠিছে আৰু তেওঁক আমি ঘৰলৈ যোৱাৰ অনুমতি দিছোঁ৷ অৱশ্যে পৰৱর্তী দুই–তিনি সপ্তাহ ঘৰতে চিকিৎসকে গাংগুলীৰ স্বাস্থ্য পর্যবেক্ষণ কৰি থাকিব৷
ইফালে, ৪৮ বছৰীয়া প্রাক্তন ক্রিকেটাৰগৰাকীয়ে চিকিৎসালয়ৰ পৰা ওলাই কয় যে অনুৰাগী–শুভাকাংক্ষী আৰু চিকিৎসকৰ নিৰন্তৰ চেষ্টাৰ ফলত তেওঁ নতুন জীৱন লাভ কৰিলে৷ ইয়াৰ বাবে তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ ‘আপোনালোকৰ আশীর্বাদত মই এতিয়া সম্পূর্ণৰূপে সুস্থ হৈ উঠিছোঁ৷ আশা কৰিছোঁ অতি সোনকালে মই বিমান ভ্রমণো কৰিবলৈ সক্ষম হ’ম৷ মোক সুস্থ কৰি নতুন জীৱন দিয়াৰ বাবে চিকিৎসকসকলক ধন্যবাদ জনাইছোঁ৷ অনুৰাগী আৰু শুভাকাংক্ষীৰ মৰম আৰু আশীর্বাদে মোক অভিভূত কৰিছে৷’ গাংগুলীয়ে এইদৰে কয়৷