নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীম ইণ্ডিয়াৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ক্ৰিকেটৰ দাদা-খ্যাত গাংগুলী!

খ্য প্ৰশিক্ষক হিচাপে গম্ভীৰৰ প্ৰকৃত পৰীক্ষা এতিয়াই আৰম্ভ হৈছে, কিয়নো ইংলেণ্ড ভ্ৰমণে তেওঁৰ কাৰ্যকালৰ সুৰ নিৰ্ধাৰণ কৰিব। তেওঁ জোৰ দি কয় যে বিশেষকৈ ইংলেণ্ডৰ দৰে প্ৰত্যাহ্বানমূলক পৰিস্থিতিত বহিঃৰাজ্য ভ্ৰমণ এজন প্ৰশিক্ষকৰ উত্তৰাধিকাৰ গঢ় দিয়াত অতি গুৰুত্বপূৰ্ণ।

টীম ইণ্ডিয়াৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ক্ৰিকেটৰ দাদা-খ্যাত গাংগুলী!

নিউজ ডেস্ক, ২৩ জুনঃ ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে ইংগিত দিছে যে তেওঁ ভৱিষ্যতে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণ কৰাৰ কথা চিন্তা কৰিব পাৰে।

শেহতীয়াকৈ পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গাংগুলীয়ে কয় যে অৱসৰৰ পিছত বিভিন্ন প্ৰশাসনিক ক্ষমতাৰ সৈতে জড়িত হৈ তেওঁ এতিয়াও এই ভূমিকাক গুৰুত্বসহকাৰে বিবেচনা কৰা নাই।

তেওঁ কয়, ‘মই সঁচাকৈয়ে কেতিয়াও এই বিষয়ে (ভাৰতীয় দলৰ প্ৰশিক্ষকতা) ভবা নাছিলো কাৰণ মই বিভিন্ন ভূমিকাত সোমাইছিলো। ২০১৩ চনত শেষ কৰিছিলো আৰু তাৰ পিছত ব’ৰ্ড (বিচিচিআই)ৰ সভাপতি হৈছিলো। আমি চাম ভৱিষ্যত কি হ’ব। মই মাত্ৰ ৫০ বছৰীয়া, গতিকে চাওঁ কি হয়। মই ইয়াৰ বাবে মুকলি। আমি চাম ই ক’লৈ যায়।’

সম্ভাৱ্য ৰাজনৈতিক কেৰিয়াৰৰ বিষয়ে সোধাত ক্ৰিকেটৰ দাদা-খ্যাত গাংগুলীয়ে এই ধাৰণাটোক খৰধৰকৈ উলাই কৰি কয় যে, “সেইটোৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাই।”

ক্ৰিকেটৰ দাদা-খ্যাত সৌৰভ গাংগুলীয়ে টীম ইণ্ডিয়াৰ নতুন মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক লৈও তেওঁৰ চিন্তাধাৰা ব্যক্ত কৰে, তেওঁৰ নেতৃত্বৰ দক্ষতাক প্ৰশংসা কৰাৰ লগতে তেওঁৰ প্ৰশিক্ষক যাত্ৰাৰ বাবে ইংলেণ্ড ভ্ৰমণৰ তাৎপৰ্যৰ ওপৰতো আলোকপাত কৰে।

গাংগুলীয়ে কয় যে মুখ্য প্ৰশিক্ষক হিচাপে গম্ভীৰৰ প্ৰকৃত পৰীক্ষা এতিয়াই আৰম্ভ হৈছে, কিয়নো ইংলেণ্ড ভ্ৰমণে তেওঁৰ কাৰ্যকালৰ সুৰ নিৰ্ধাৰণ কৰিব। তেওঁ জোৰ দি কয় যে বিশেষকৈ ইংলেণ্ডৰ দৰে প্ৰত্যাহ্বানমূলক পৰিস্থিতিত বহিঃৰাজ্য ভ্ৰমণ এজন প্ৰশিক্ষকৰ উত্তৰাধিকাৰ গঢ় দিয়াত অতি গুৰুত্বপূৰ্ণ।

বিচিচিআইৰ সভাপতি হিচাপে থকা সময়ছোৱাত ৰাহুল দ্ৰাবিড়ক ভাৰতৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া গাংগুলীয়ে বিশ্বাস কৰে যে গম্ভীৰৰ সফল হ’বলৈ সকলো গুণ আছে।

উল্লেখ্য যে গম্ভীৰৰ চুক্তি ২০২৭ চনৰ এদিনীয়া বিশ্বকাপলৈকে চলিব।

You might also like