নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীম ইণ্ডিয়াৰ পৰৱৰ্তী প্রশিক্ষক : কাক বিচাৰে গাংগুলীয়ে…

বিশেষ বাৰ্তা, ২ জুন : ভাৰতীয় দলৰ পৰৱর্তী মুখ্য প্রশিক্ষক কোন হ’ব, ইয়াক লৈ অনুৰাগীৰ মাজত জল্পনা–কল্পনা অব্যাহত আছে৷ টীম ইণ্ডিয়াৰ প্রাক্তন ক্রিকেটাৰ গৌতম গম্ভীৰ পৰৱর্তী মুখ্য প্রশিক্ষক হ’ব বুলি বিভিন্ন সূত্রই দাবী কৰাৰ সময়তে গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছে ভাৰতীয় দলটোৰে প্রাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ প্রাক্তন সভাপতি গাংগুলীয়ে গৌতম গম্ভীৰক টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি দিয়াটো বিচাৰিছে৷ যদি গম্ভীৰে এই পদৰ বাবে আবেদন কৰিছে, তেতিয়াহ’লে তেওঁ ভাৰতৰ প্রাক্তন ক্রিকেটাৰগৰাকীক সমর্থন জনাব বুলি মন্তব্য কৰে৷ এক অনুষ্ঠানত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত গাংগুলীয়ে কয় যে তেওঁ ভাৰতীয় প্রশিক্ষকৰ পক্ষত আছে৷ যদি গম্ভীৰে আবেদন কৰিছে, তেন্তে তেওঁ এজন ভাল প্রশিক্ষক হ’ব বুলিও গাংগুলীয়ে আশা ব্যক্ত কৰিছে৷ উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হোৱা টি–২০ বিশ্বকাপৰ সমাপ্তিৰ পিছতে ভাৰতৰ মুখ্য প্রশিক্ষক হিচাপে ৰাহুল দ্রাবিড়ৰ কার্যকাল সমাপ্ত হ’ব৷ যাৰ বাবে বিচিচিআয়ে পৰৱর্তী মুখ্য প্রশিক্ষকৰ সন্ধানত আছে৷

You might also like