নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চর্চাত গিল-বুমৰাহ–ৰাহুল–পণ্ট

🔹 কোন হ’ব ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক

নিউজ ডেস্ক, ১১ মে’ : টেষ্ট ক্রিকেটৰ পৰা বুধবাৰে আকস্মিকভাৱে অৱসৰ গ্রহণ কৰে ৰোহিত শর্মাই৷ এতিয়া প্রশ্ণ হয়- ভাৰতীয় দলৰ নতুন টেষ্ট অধিনায়ক কোন হ’ব? আসন্ন ইংলেণ্ড ভ্রমণত ভাৰতীয় দলটোক কোনে নেতৃত্ব দিব? এই সন্দর্ভত চর্চালৈ আহিছে শুভমন গিল, যশপ্রীত বুমৰাহ, লোকেশ ৰাহুল আৰু ঋষভ পণ্টৰ নাম৷ এই চাৰিগৰাকী ক্রিকেটাৰৰ ভিতৰত কোনগৰাকীৰ কান্ধত পৰিব অনাগত সময়ৰ বাবে ভাৰতীয় টেষ্ট দলটোৰ স্থায়ী অধিনায়কৰ দায়িত্ব৷ ইয়াক লৈ এতিয়া দলীয় মেনেজমেণ্টৰ মাজত চলিছে গুণাগথা৷ এক নির্ভৰযোগ্য সূত্রৰ পৰা জানিব পৰা মতে, ভাৰতীয় টেষ্ট দলটোৰ অধিনায়কৰ দৌৰত আগবাঢ়ি আছে শুভমন গিল৷ যদি দীর্ঘম্যাদী অধিনায়ক বনাব লাগে তেন্তে ভাৰতৰ টেষ্ট দলৰ বাবে গিল আটাইতকৈ ভাল বিকল্প৷ কাৰণ, গিলৰ বয়স হ’ল মাত্র ২৫ বছৰ৷ গিলৰ হাতত নিজৰ দল গঢ়িবলৈ আৰু টেষ্ট ক্রিকেটত শাসন কৰিবলৈ যথেষ্ট সময় থাকিব৷ ইফালে, অধিনায়কৰ দৌৰত বুমৰাহৰো নাম উচ্চাৰণ হৈছে৷ ৰোহিতৰ অনুপস্থিতিত বুমৰাহে দলক কেইবাবাৰো নেতৃত্ব দিছে৷ দলক নেতৃত্ব দিয়াৰ অভিজ্ঞতা বুমৰাহৰ আছে যদিও  বলাৰগৰাকীৰ কামৰ বোজা হ্রাস কৰাৰ বাবে চিন্তা–চর্চা কৰিছে বিচিচিআয়ে৷ এইক্ষেত্রত ভাৰতীয় টেষ্ট দলটোৰ অধিনায়ক হোৱাৰ সম্ভাৱনা কম আছে বুমৰাহৰ৷ টীম ইণ্ডিয়াৰ টেষ্ট অধিনায়ক পদৰ বাবে লোকেশ ৰাহুল আৰু ঋষভ পণ্টকো দাবীদাৰ হিচাপে ধৰা হৈছে৷

You might also like