গুজৰাট টাইটানছত মোক্ষম আঘাত, আইপিএলৰ পৰা বাহিৰ গ্লেন ফিলিপছ
নিউজ ডেস্ক, ১২ এপ্ৰিলঃ আই পি এল ২০২৫ত গুজৰাট টাইটানছৰ আজিৰ মেচ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে আছে। লক্ষ্ণৌত অনুষ্ঠিত হ’ব খেলখন। ইয়াৰ আগতে দলটোৰ বাবে এটা বেয়া খবৰ আহিছে। গুজৰাটৰ তাৰকা অল ৰাউণ্ডাৰ গ্লেন ফিলিপছ আই পি এল ২০২৫ৰ বাহিৰ হৈছে।এটা প্ৰতিবেদন অনুসৰি ফিলিপছ আঘাতপ্ৰাপ্ত হৈছে। তেওঁৰ আঘাত ইমানেই গুৰুতৰ যে এতিয়া তেওঁ গোটেই ছিজনটোৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থাকিব লাগিব। ফিলিপছৰ ঠাইত আন কোনো খেলুৱৈৰ নাম এতিয়াও ঘোষণা কৰা নাই গুজৰাটে।
অধিনায়ক হিচাপে পুনৰ খেলপথাৰত প্ৰৱেশ কৰি সুখকৰ নহল ধোনীৰ অভিযান, কলকাতাৰ বিৰুদ্ধে ধৰাশায়ী CSK
ফিলিপছক আই পি এল ২০২৫ৰ পৰা বাদ দিয়াৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি ফিলিপছ পিঠিৰ সমস্যাত ভুগি আছে। আঘাতৰ বাবে তেওঁ টুৰ্ণামেণ্টৰ পৰা আঁতৰি আছে। কিন্তু গুজৰাট টাইটানছে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য দিয়া নাই। গুৰুত্বপূৰ্ণ কথাটো হ’ল ফিলিপছে এই ছিজনত এখনো মেচ খেলাৰ সুযোগ পোৱা নাই।
ফিলিপছৰ আই পি এল কেৰিয়াৰ –
ফিলিপছে এই পৰ্যন্ত আই পি এলত মাত্ৰ ৮খন মেচহে খেলিবলৈ সক্ষম হৈছে। নিউজিলেণ্ডৰ খেলুৱৈ গ্লেন ফিলিপছে ২০২১ চনত আই পি এলত অভিষেক ঘটায়।এই ছিজনত তেওঁ মাত্ৰ ৩ খন মেচ খেলিছিল। ইয়াৰ পিছত ২০২৩ চনত পুনৰ খেলাৰ সুযোগ পায়। ২০২৩ চনত ফিলিপছে ৫খন মেচ খেলে।
চলিত ছিজনত গুজৰাটৰ প্ৰদৰ্শন
শুভমন গিলৰ অধিনায়ক গুজৰাট টাইটানছ বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষত আছে। এই ছিজনত এতিয়ালৈকে পাঁচখন মেচ খেলি চাৰিখন মেচত জয়লাভ কৰিছে। আনহাতে এখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে। গুজৰাটৰ ৮ পইণ্ট। প্ৰথমখন খেলত গুজৰাট পঞ্জাব কিংছৰ হাতত পৰাস্ত হয়।