প্লে-অফৰ দিশে গুজৰাট টাইটানছ
🔹 গিলৰ দর্শনীয় ৯০ : চতুর্থ পৰাজয় কলকাতাৰ
নিউজ ডেস্ক, ২২ এপ্রিল : শুভমন গিল নেতৃত্বাধীন গুজৰাট টাইটানছে চলিত আইপিএলৰ প্লেঅফত প্রৱেশ কৰাৰ আশা সজীৱ কৰি তুলিছে৷ প্রতিযোগিতাখনৰ কালি অনুষ্ঠিত মেচখনত গুজৰাটে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছক ৩৯ ৰানত পৰাস্ত কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি গুজৰাটে ৮খন মেচৰ পৰা ১২ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ শীর্ষ স্থানটো নিজৰ দখলতে ৰাখিছে৷ বিপৰীতে কলকাতাৰ এয়া আছিল চতুর্থ পৰাজয়৷ দলটোৱে ৮খন মেচৰ ৪খনতহে জয়ৰ মুখ দেখিছে৷ মেচখনত গুজৰাটে জয়ৰ বাবে বান্ধি দিয়া ১৯৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক আজিংক্য ৰাহানেৰ সর্বাধিক ৫০ ৰানৰ সহায়ত কলকাতাই নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৫৯ ৰানহে কৰে৷ ৰাছেলে ২১, অংকৃশ ৰঘুবংশীয়ে অপৰাজিত ২৭ ৰান কৰে৷ গুজৰাটৰ হৈ প্রসিদ্ধ কৃষ্ণ আৰু ৰছিদ খান উভয়ে সর্বাধিক ২টাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰদ্বয় সাই সুদর্শন আৰু অধিনায়ক শুভমন গিলৰ দর্শনীয় অর্ধশতকৰ সহায়ত গুজৰাট টাইটানছে নির্ধাৰিত ২০ অভাৰত ৩টা উইকেট হেৰুৱাই ১৯৮ ৰান সংগ্রহ কৰে৷ সুদর্শন আৰু গিলে প্রথম উইকেটৰ যুটিত ১১৪ ৰান সংগ্রহ কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে৷ সুদর্শনে ৩৬টা বলত ৬টা চাৰি আৰু ১টা ছয়েৰে ৫২ ৰান কৰি আউট হয় যদিও গিল মাত্র ১০ ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হয়৷ অধিনায়ক গিলে ৫৫টা বলত ১০টা চাৰি আৰু ৩টা ছয়েৰে ৯০ ৰানৰ গুৰুত্বপূর্ণ অৰিহণা আগবঢ়ায়৷ আউট হোৱাৰ পূর্বে গিলে জ’ছ বাটলাৰৰ সৈতে দ্বিতীয় উইকেটত ৫৮ ৰান সংগ্রহ কৰে৷ ইফালে, বাটলাৰে ২৩টা বলত ৮টা বাউণ্ডেৰীৰে ৪১ ৰান কৰি অপৰাজিত হৈ থাকে৷ টেৱাটিয়াই কোনো ৰান নকৰাকৈ বিদায় লোৱাৰ বিপৰীতে শ্বাহৰুখ খানে ১১ ৰান কৰি অপৰাজিত হৈ থাকে৷