নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীক হৰুৱাই প্লে-অফ-ত প্রৱেশ গুজৰাট টাইটানছৰ

◼ দিল্লীক হৰুৱাই প্লে-অফ-ত প্রৱেশ গুজৰাট টাইটানছৰ

◼ অথলে গ’ল লোকেশ ৰাহুলৰ শতৰান : সুদর্শন–গিলৰ অনবদ্য বেটিং

নতুন দিল্লী, ১৯ মে’ : সাই সুদর্শন আৰু শুভমন গিলৰ অনবদ্য বেটিঙৰ সহায়ত দিল্লী কেপিটেলছক ১০ উইকেটত পৰাস্ত কৰি আইপিএলৰ প্লে-অফত স্থান নিশ্চিত কৰিলে গুজৰাট টাইটানছে৷ দিল্লীয়ে বান্ধি দিয়া ২০০ ৰানৰ কঠিন লক্ষ্য সন্মুখত লৈ বেটিং মুকলি কৰা গুজৰাটে অ’পেনাৰদ্বয়ৰ চমকপ্রদ বেটিঙৰ সহায়ত এটাও উইকেট নেহেৰুৱাকৈ এটা অভাৰ বাকী থকা অৱস্থাতে বিজয় লক্ষ্যত উপনীত হয়৷ অ’পেনাৰ সাই সুদর্শনে ৬১টা বলত ১০৮ ৰান কৰাৰ বিপৰীতে গিলে ৫৩টা বলত ৯৩ ৰান সংগ্রহ কৰে৷ সুদর্শনৰ ইনিংছটোত আছিল ৪টা ছয় আৰু ১২টা চাৰি৷ আনহাতে, গিলে ৭টা ছয় আৰু ৩টা চাৰিৰ সহায়ত তেওঁৰ অপৰাজিত ইনিংছটো সম্পূর্ণ কৰে৷ উল্লেখ্য যে এই জয়েৰে গুজৰাটে প্লে-অফত স্থান নিশ্চিত কৰাৰ উপৰি ৰয়েল চেলেঞ্জার্ছ  বেংগালুৰু আৰু পঞ্জাবেও অন্তিম চাৰিত প্রৱেশ কৰে৷ কালি মেচখনত প্রথমে বেটিং কৰা দিল্লীৰ অ’পেনাৰ লোকেশ ৰাহুলে অনবদ্য শতৰানেৰে ছন্দলৈ ওভতাৰ ইংগিত দিয়ে৷ গুজৰাট টাইটানছৰ বিৰুদ্ধে ঘৰুৱা খেলপথাৰত মৰণপণ মেচখনত ৰাহুলে ৬০টা বলত শতৰান অর্জন কৰে৷ চলিত ছিজনত এইটো ৰাহুলৰ প্রথম শতক৷ গুজৰাটৰ বিৰুদ্ধে অ’পেনিং কৰিবলৈ নামি শেষলৈকে খেলিলে তেওঁ৷ ১১২ ৰানত অপৰাজিত থাকি খেলপথাৰ এৰা তেওঁৰ দর্শনীয় ইনিংছটোৰ বাবে দিল্লীয়ে গুজৰাটৰ সন্মুখত ২০০ ৰানৰ লক্ষ্য বান্ধি দিয়ে৷ দিল্লীৰ আনগৰাকী অ’পেনাৰ ফাফ ডু প্লেচিয়ে ৫ ৰানতে বিদায় লয়৷ অভিষেক প’ৰেলৰ বেটৰ পৰা আহে ৩০ ৰান৷ আনহাতে, অধিনায়ক অক্ষৰ পেটেলে ১৬টা বলত ২৫ ৰান সংগ্রহ কৰে৷ ৰাহুলৰ সৈতে অপৰাজিত হৈ ৰোৱা ত্রিষ্টাম ষ্টাবছে ১০টা বলত সংগ্রহ কৰে ২১ ৰান৷ ৰাহুলে ৬৫টা বলত কৰে ১১২ ৰান৷ তেওঁৰ এই ইনিংছটোত আছিল ৪টা ছয় আৰু ১৪টা চাৰি৷ কিন্তু সুদর্শন আৰু গিলৰ বেটিঙৰ সন্মুখত ম্লান হৈ পৰে ৰাহুলৰ অপৰাজিত শতৰান৷

You might also like