দিল্লীক হৰুৱাই শীর্ষস্থানলৈ উন্নীত গুজৰাট টাইটানছ, বাটলাৰৰ বিস্ফোৰক ৯৭
গুজৰাটৰ জয়ৰ মূলতেই জ’ছ বাটলাৰৰ বিস্ফোৰক বেটিং, প্রসিদ্ধ কৃষ্ণৰ চাৰিটা উইকেট
নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ শুভমন গিল নেতৃত্বাধীন গুজৰাট টাইটানছে চলিত আইপিএলত পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হৈছে৷ আজি আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হাই স্ক’ৰিং মেচখনত গুজৰাটে দিল্লী কেপিটেলছক সাত উইকেটত সহজেই পৰাস্ত কৰে৷ মেচখনত গুজৰাটৰ জয়ৰ মূলতেই হ’ল জ’ছ বাটলাৰৰ বিস্ফোৰক বেটিং৷ দিল্লীয়ে জয়ৰ বাবে বান্ধি দিয়া ২০৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও বাটলাৰৰ বিস্ফোৰক অপৰাজিত ৯৭ ৰানৰ সহায়ত গুজৰাটে ১৯.২ অভাৰত তিনিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ বাটলাৰৰ উপৰি শ্বেৰফান ৰাডাৰফ’র্ডে ৪৩ আৰু অ’পেনাৰ সাই সুদর্শনে ৩৬ ৰানৰ গুৰুত্বপূর্ণ অৰিহণা আগবঢ়ায়৷ দলীয় স্ক’ৰ ৭৪ ৰানত অধিনায়ক গিল আৰু সুদর্শনক হেৰুৱাই দলটোৱে বিপদত পৰিছিল৷ গিলে মাত্র সাত ৰান কৰি বিদায় লয়৷ ৫৪টা বলত ১১টা চাৰি আৰু চাৰিটা ছয়েৰে অপৰাজিতভাৱে ৯৭ ৰান কৰা বাটলাৰে ৰাডাৰফ’ডৰ সৈতে তৃতীয় উইকেটত ১১৯ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰি তোলে৷ শেষৰ পিনে ৰাহুল টেৱাটিয়াই তিনিটা বলত এটা চাৰি আৰু এটা ছয়েৰে অপৰাজিতভাৱে ১১ ৰান কৰি দলক জয়ৰ সোৱাদ দিয়ে৷ দিল্লীৰ হৈ মুকেশ কুমাৰ আৰু কুলদীপ যাদৱ উভয়ে এটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি দিল্লী কেপিটেলছে নির্ধাৰিত ২০ অভাৰত আঠটা উইকেট হেৰুৱাই ২০৩ ৰান সংগ্রহ কৰে৷ অধিনায়ক অক্ষৰ পেটেলে সর্বাধিক ৩৯ ৰান কৰাৰ লগতে আশুতোষ শর্মাই ১৯টা বলত ৩৭, কৰুণ নায়াৰে ১৮টা বলত ৩১ আৰু ট্রিষ্টান ষ্টাবছে ২১টা বলত ৩১ ৰানৰ অৰিহণা আগবঢ়ায়৷ লোকেশ ৰাহুলে ২৮ আৰু অ’পেনাৰ অভিষেক প’ৰেলে ১৮ ৰান কৰে৷ গুজৰাটৰ হৈ প্রসিদ্ধ কৃষ্ণই সর্বাধিক চাৰিটা উইকেট লাভ কৰে৷ উল্লেখ্য যে গুজৰাটে এতিয়ালৈকে ৭খন মেচ খেলি ৫খনত জয় আৰু দুখনত পৰাস্ত হৈ ১০ পইণ্টেৰে শীর্ষস্থানলৈ উন্নীত হোৱাৰ বিপৰীতে দিল্লীয়ে ৭খন মেচৰ ৫খনত জয় আৰু দুখনত পৰাস্ত হৈ ১০ পইণ্ট অর্জন কৰে যদিও গড় ৰান ভিত্তিত দ্বিতীয় স্থানলৈ অৱনমিত হয়৷