ক্রমাগত চতুর্থ জয়েৰে পইণ্ট তালিকাৰ শীর্ষত গুজৰাট
🔹 দীঘলীয়া ইনিংছ খেলাত ব্যর্থ ৰিয়ান, পৰাস্ত ৰাজস্থান
নিউজ ডেস্ক, ১০ এপ্রিল : ক্রমাগত চতুর্থ জয়েৰে চলিত আইপিএলৰ পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হ’ল শুভমন গিল নেতৃত্বাধীন গুজৰাট টাইটানছে৷ কালি আহমেদাবাদত অনুষ্ঠিত মেচখনত গুজৰাটে ৰাজস্থান ৰয়েলছক ৫৮ ৰানত পৰাস্ত কৰে৷ মেচখনত বিজয় সাব্যস্ত কৰি গুজৰাটে পাঁচখন মেচৰ এখনত পৰাজয় আৰু চাৰিখনত জয়লাভ কৰি আঠ পইণ্টেৰে পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হয়৷ আনহাতে, ৰাজস্থানৰ এয়া আছিল তৃতীয় পৰাজয়৷ দলটোৱে এতিয়ালৈকে ৫খন মেচ খেলি দুখনত জয় আৰু তিনিখনত পৰাস্ত হৈ চাৰি পইণ্টেৰে পইণ্ট তালিকাৰ সপ্তম স্থানত আছে৷মেচখনত শুভমন গিল বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ২১৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ছিমৰন হেটমায়েৰৰ সর্বাধিক ৫২ আৰু অধিনায়ক সঞ্জু ছেমছনৰ ৪১ ৰানৰ সহায়ত ৰাজস্থানে ১৯.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫৯ ৰানহে কৰে৷ অ’পেনাৰ যশস্বী জয়ছোৱালে ৬ আৰু নীতিশ ৰাণাই মাত্র ১ ৰান কৰে৷ ইফালে, অসম সন্তান ৰিয়ান পৰাগে পুনৰবাৰ দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ ৰিয়ানে ১৪টা বলত এটা চাৰি আৰু তিনিটা ছয়েৰে ২৬ ৰানহে কৰে৷ ধ্রুৱ জুৰেলে ৫ ৰান কৰি পেভিলিয়নমুখী হয়৷ দলটোৰ আঠগৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ গুজৰাটৰ হৈ প্রসিদ্ধ কৃষ্ণই সর্বাধিক তিনিটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে ৰাজস্থান ৰয়েলছৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও অ’পেনাৰ সাই সুদর্শনৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত গুজৰাট টাইটানছে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২১৭ ৰান সংগ্রহ কৰে৷ সুদর্শন আৰু অধিনায়ক শুভমন গিলে ইনিংছ মুকলি কৰিবলৈ আহে যদিও দলক প্রত্যয়জনক আৰম্ভণি দিয়াত ব্যর্থ হয়৷ দলীয় স্ক’ৰ ১৪ ৰানত গিলে ব্যক্তিগত ২ ৰানত পেভিলিয়নমুখী হয়৷ অৱশ্যে সুদর্শনে জ’ছ বাটলাৰৰ সৈতে লগ লাগি দ্বিতীয় উইকেটত ৮০ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ বাটলাৰে ৩৬ ৰান কৰি বিদায় লয় যদিও মাৰমুখী বেটিঙেৰে সুদর্শনে ৫৩টা বলত আঠটা চাৰি আৰু তিনিটা ছয়েৰে ৮২ ৰানৰ বিস্ফোৰক ইনিংছ খেলে৷ আউট হোৱাৰ পূর্বে সুদর্শনে মহম্মদ শ্বাহৰুখ খানৰ সৈতে তৃতীয় উইকেটত ৬২ ৰান সংগ্রহ কৰে৷ শ্বাহৰুখ খানে ২০টা বলত চাৰিটা চাৰি আৰু দুটা ছয়েৰে ৩৬ ৰানৰ অৰিহণা আগবঢ়ায়৷ ইফালে, শ্বেৰফান ৰাডাৰফ’র্ডে সাত ৰান কৰি পেভিলিয়নমুখী হয় যদিও ৰাহুল টেৱাটিয়াই ১২টা বলত দুটা চাৰি আৰু সমসংখ্যক ছয়েৰে ২৪ ৰান কৰি অপৰাজিত হৈ থাকে৷ ৰশ্বিদ খানে ৪টা বলত ১২ ৰান কৰে৷ ৰাজস্থান ৰয়েলছৰ হৈ তুষাৰ দেশপাণ্ডে আৰু মহিষ থিকছানা উভয়ে দুটাকৈ উইকেট লাভ কৰাৰ লগতে জ’ফ্রা আর্চাৰ আৰু সন্দীপ শর্মা উভয়ে এটাকৈ উইকেট লাভ কৰে৷