নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমাহৰ যন্ত্রণা পাহৰি নীৰৱতা ভংগ কৰিলে হার্ডিক পাণ্ডিয়াই

বিশেষ বাৰ্তা, ১ জুলাই : আইপিএলত বাৰে বাৰে বিতর্কৰ মাজত সোমাই পৰিছিল হাৰ্ডিক৷ কিন্তু মুখ খোলা নাছিল হার্ডিক পাণ্ডিয়াই৷ টি–২০ বিশ্বকাপৰ ফাইনেলত দেশক বিজয়ী কৰোৱাৰ পিছত মুখ খুলিলে তেওঁ৷ আৱেগ ধৰি ৰাখিব নোৱাৰি কান্দোনত ভাগি পৰিল পাণ্ডিয়া৷ সতীর্থসকলক সাবটি ধৰি ক্রন্দনৰত হৈ আনন্দ প্রকাশ কৰাৰ পিছত ৰাষ্ট্রীয় পতাকা লৈ খেলপথাৰত এপাক মাৰিলে তেওঁ৷ পাণ্ডিয়াৰ চকুপানীয়ে বুজাই দিছিল, এই বিজয়ে তেওঁক কিমান স্বস্তি প্রদান কৰিছে৷ ইয়াৰ পিছতে তেওঁ নিজৰ আৱেগ–অনুভূতি প্রকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে৷ বিগত ছমাহ ধৰি এই দিনটোৰ বাবে অপেক্ষাৰত আছিল তেওঁ৷ হার্ডিকে কয়– অতিশয় আৱেগপ্রৱণ হৈ পৰিছোঁ৷ যথেষ্ট পৰিশ্রম কৰিছোঁ, কিন্তু সফলতা লাভ কৰা নাছিলোঁ৷ মোৰ বাবে এইটো আন এক বিশেষ মুহূর্ত৷ কাৰণ বিগত ছমাহ ধৰি মোৰ সৈতে বহুখিনি ঘটিছে৷ কিন্তু মই মনে মনে আছিলোঁ৷ জানিছিলোঁ পৰিশ্রম কৰি গ’লে এদিন প্রত্যুত্তৰ দিয়াৰ সুযোগ পাম৷ জানিছিলোঁ এদিন এই দিনটো আহিবই৷ সময় কঠিন হ’লেও নিজৰ ওপৰত বিশ্বাস আছিল বুলি জনায় হার্ডিকে৷ তেওঁ কয়– মোৰ বিশ্বাস আছিল আৰু সেইমতেই পৰিকল্পনা কৰিছিলোঁ৷ সেই পৰিকল্পনা কামত লগাবলৈ চেষ্টা কৰিছোঁ৷ অন্তিম পাঁচ অভাৰৰ বাবে বুমৰাহ আৰু অন্য বলাৰসকলক ধন্যবাদ জনাইছোঁ৷ নিজকে শান্ত কৰি ৰখাৰ চেষ্টা কৰিছিলোঁ৷ প্রতিটো বলত ১০০ শতাংশ উজাৰি দিছিলোঁ৷ সকলো সময়তে চাপ নিয়ন্ত্রণ কৰি ভাল লাগে৷ এইখন মেচো চাপৰ মাজেৰে জিকিলোঁ৷

You might also like