হার্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়ক
বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰ : মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়ক হ’ল হার্দিক পাণ্ডিয়া৷ পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে শুকুৰবাৰে ঘোষণা কৰে যে ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ আগন্তুক ছিজনৰ বাবে অধিনায়কৰ দায়িত্ব ল’ব হার্দিক পাণ্ডিয়াই৷ ফ্রেনছাইজীটোক পাঁচটাকৈ আইপিএলৰ খিতাপৰ সোৱাদ দিয়া সফল অধিনায়ক ৰোহিত শর্মাৰ স্থানত হার্দিকক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে৷ বিগত ১০ বছৰ ধৰি মুম্বাই ইণ্ডিয়ানছৰ নেতৃত্বত আছিল ৰোহিত শর্মা৷ উল্লেখ্য যে যোৱা মাহত গুজৰাট টাইটানছৰ পৰা হার্দিকে পূর্বৰ দল মুম্বাই ইণ্ডিয়ানছলৈ ঘূৰি আহিছিল৷ গুজৰাটত দুবছৰীয়া সফল কার্যকালৰ পিছত মুম্বাইলৈ উভতি আহে অলৰাউণ্ডাৰগৰাকীয়ে৷ মুম্বাই ইণ্ডিয়ানছে এক বিবৃতিত নেতৃত্বৰ পৰিৱর্তন তেওঁলোকৰ ভৱিষ্যতৰ পৰিকল্পনাৰ অংশ বুলি উল্লেখ কৰি ফ্রেনছাইজীটোলৈ আগবঢ়োৱা সেৱাৰ বাবে ৰোহিতক ধন্যবাদ জনায়৷ হার্দিকৰ নিযুক্তি সন্দর্ভত মন্তব্য কৰি মুম্বাই ইণ্ডিয়ানছৰ গ্ল’বেল হেড অৱ পাৰফৰমেন্স মাহেলা জয়াৱর্ধনেই কয় যে ভৱিষ্যৎ পৰিকল্পনাৰ এয়া এটা অংশ৷ মুম্বাই ইণ্ডিয়ানছে শচীনৰ পৰা হৰভজন আৰু ৰিকি পণ্টিঙৰ পৰা ৰোহিত শর্মালৈকে ব্যতিক্রমী নেতৃত্বৰে ধন্য হৈ আহিছে৷ যিয়ে তাৎক্ষণিক সফলতাত অৰিহণা যোগোৱাৰ সময়তে সদায় ভৱিষ্যতৰ বাবে দলটোক শক্তিশালী কৰাৰ ওপৰত চকু ৰাখিছে৷ সেয়েহে হার্দিকে অহা বর্ষৰ আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব গ্রহণ কৰিব৷