নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩ বছৰ অনূর্ধ্ব ৰাষ্ট্রীয় বাস্কেটবলত হাৰিয়ানা–তামিলনাডুৰ খিতাপ অর্জন

📌 সামৰণী অনুষ্ঠানত উপস্থিত থাকি বঁটা বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

📌উপস্থিত অসম বাস্কেটবল এছ’চিয়েচনৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শর্মা–সভাপতি পল্লৱলোচন দাস–ক্রীড়ামন্ত্রী নন্দিতা গার্লোছা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ মাৰ্চঃ হাৰিয়ানা আৰু তামিলনাডুৱে প্রথমবাৰৰ বাবে আয়োজিত ২৩ বছৰ অনূর্ধ্ব ৰাষ্ট্রীয় বাস্কেটবল চেম্পিয়নশ্বিপৰ পুৰুষ আৰু মহিলা শাখাত চেম্পিয়নৰ সন্মান অর্জন কৰিছে৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১৭ মার্চৰ পৰা ৮ দিনীয়াকৈ অনুষ্ঠিত প্রতিযোগিতাখনৰ অনুষ্ঠিত মহিলা শাখাৰ ফাইনেলত তামিলনাডুৱে কর্ণাটকক ৭৫–৫৮ পইণ্টত পৰাস্ত কৰি খিতাপ অর্জন কৰে৷ এই শাখাত দিল্লীয়ে কেৰালাক ৬৯–৬৩ পইণ্টত পৰাস্ত কৰি দ্বিতীয় ৰার্নাছআপৰ সন্মান লাভ কৰে৷ ইপিনে, পুৰুষ শাখাৰ ফাইনেলত হাৰিয়ানাই পঞ্জাবক ৯৪–৭৩ পইণ্টত পৰাস্ত কৰি খিতাপ অর্জন কৰে৷ এই শাখাত কর্ণাটকে ৰাজস্থানক ৮০–৭২ পইণ্টত পৰাস্ত কৰি দ্বিতীয় ৰার্নাছআপৰ সন্মান লাভ কৰে৷ প্রতিযোগিতাখনৰ চেম্পিয়নক ট্রফীসহ ৩ লাখ টকাকৈ, প্রথম ৰার্নাছআপক ট্রফীসহ ২ লাখ টকাকৈ আৰু দ্বিতীয় ৰার্নাছআপক ট্রফীসহ ১ লাখ টকাকৈ প্রদান কৰা হয়৷ ইফালে, প্রতিযোগিতাখনৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পুৰুষ আৰু মহিলা শাখাৰ চেম্পিয়ন দল দুটাক বঁটা প্রদান কৰে৷ সামৰণী অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সুদীর্ঘ ২৫ বছৰ পিছত অসমে এনে মুখ্য যুৱ বাস্কেটবল চেম্পিয়নশ্বিপৰ আয়োজনৰ সৌভাগ্য লাভ কৰিছে৷ বাস্কেটবল ফেডাৰেচন অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত অসম বাস্কেটবল এছ’চিয়েনৰ উদ্যোগত আয়োজিত এই চেম্পিয়নশ্বিপে অসমত বাস্কেটবলৰ বিকাশৰ ক্ষেত্রত থকা প্রতিবন্ধকতা আঁতৰ কৰাৰ দিশত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিলে বুলিও তেওঁ কয়৷ ইয়াৰ বাবে মুখ্যমন্ত্রীয়ে বাস্কেটবল ফেডাৰেচন অৱ ইণ্ডিয়াকো ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ লগতে কয় যে ৩০খন ৰাজ্যৰ ৫৫টা পুৰুষ আৰু মহিলাৰ দলে উক্ত প্রতিযোগিতাখনত ভাগ লৈছে৷ প্রতিযোগিতাত অংশ লোৱা প্রতিগৰাকী খেলুৱৈক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে কিছুসংখ্যক খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু কিছুসংখ্যক খেলুৱৈয়ে পদক লাভ কৰিব নোৱাৰিলে৷ যিসকল পৰাজিত হৈছে, তেওঁলোক নিৰাশ হ’ব নালাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী কয় যে খেলত জয় বা পৰাজয় এক অবিভিন্ন অংগ৷ কিন্তু আটাইতকৈ গুৰুত্বপূর্ণ বিষয় হৈছে প্রতিযোগিতাত অংশগ্রহণ কৰাটো৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে ক্রীড়াৰ আন্তঃগাঁথনি বিকাশৰ দিশত নিৰন্তৰ কাম কৰি আহিছে৷ তেওঁ আশা প্রকাশ কৰি কয় যে সকলোৰে সহযোগিতাত অসমে ক্রীড়াৰ ক্ষেত্রত আগুৱাই যাবলৈ সক্ষম হ’ব৷ আজিৰ অনুষ্ঠানত অসম বাস্কেটবল এছ’চিয়েচনৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শর্মা, ক্রীড়ামন্ত্রী নন্দিতা গার্লোছা, অসম বাস্কেটবল এছ’চিয়েচনৰ সভাপতি পল্লৱলোচন দাস, বাস্কেটবল ফেডাৰেচন অৱ ইণ্ডিয়াৰ সচিবপ্রধান কুলবিন্দৰ সিং গিল আৰু কোষাধ্যক্ষ টি চি নাইডু, উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মহাপ্রবন্ধক চি কে শ্রীবাস্তৱ আৰু অন্যান্য গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like