প্রতাৰণাৰ অপৰাধত কাঢ়িলে হাজিয়েভাৰ স্বর্ণ পদক
নিউজ ডেস্ক, ২৯ মে’ : টকিঅ’ পেৰালিম্পিকত স্বর্ণ পদক জয় কৰিছিল আজাৰবাইজানৰ শ্বাহানা হাজিয়েভায়ে৷ দৃষ্টিহীন খেলুৱৈ হিচাপে মহিলাৰ জুডোৰ ৪৮ কেজি বিভাগত অংশগ্রহণ কৰিছিল খেলুৱৈগৰাকীয়ে৷ প্রতাৰণাৰ অভিযোগত তেওঁৰ সেই সোণৰ পদক কাঢ়ি নিয়া হৈছে৷ লগতে আজীৱন নির্বাসনৰ শাস্তি দিয়া হৈছে তেওঁক৷
উল্লেখ্য যে পেৰালিম্পিকত স্বর্ণ জয় কৰাৰ লগতে বিভিন্ন আন্তর্জাতিক প্রতিযোগিতাত চেম্পিয়নৰ সন্মান লাভ কৰিছে হাজিয়েভায়ে৷ তেওঁ এই সকলো পদক দৃষ্টিহীন খেলুৱৈ হিচাপে লাভ কৰিছে৷ যোৱা মাহত চকুৰ পৰীক্ষা কৰাত প্রমাণিত হৈছে যে তেওঁৰ চকুৰ কোনো সমস্যা নাই৷ আন লোকৰ দৰে স্বাভাৱিক দৃষ্টিশক্তি আছে তেওঁৰ৷
বিশ্ব পেৰা জুডো চেম্পিয়নশ্বিপৰ বাবে চকুৰ পৰীক্ষা দিবলগীয়া হৈছিল শ্বাহানাই৷ হাংগেৰীৰ বুডাপেষ্টত অত্যাধুনিক পৰীক্ষাত তেওঁৰ প্রতাৰণা পোহৰলৈ আহে৷ চিকিৎসকসকলে জানিবলৈ দিয়া অনুসৰি, হাজিয়েভাৰ চকুত কেতিয়াও সমস্যা নাছিল৷ পৰীক্ষাৰ ফলাফল প্রকাশৰ লগে লগে শেষ হৈ যায় ২৪ বছৰীয়া খেলুৱৈগৰাকীৰ বিশ্ব পেৰা জুডো চেম্পিয়নশ্বিপত খেলাৰ আশা৷ এই ঘটনাত ক্ষুব্ধ হৈ পৰিছে বিশ্ব জুডো সংস্থা৷
সংস্থাটোৱে জানিবলৈ দিয়া অনুসৰি, হাজিয়েভায়ে ইতিমধ্যে জয়লাভ কৰা সকলো পদক কাঢ়ি নিয়া হ’ব৷ ইয়াৰ উপৰি জীৱনত আৰু কোনো প্রতিযোগিতাত তেওঁ অংশগ্রহণ কৰিব নোৱাৰিব বুলিও জনোৱা হৈছে৷ আন্তর্জাতিক অলিম্পিক কমিটীয়েও এই ঘটনা পোহৰলৈ অহাৰ পিছত কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ কমিটীয়ে এক বিবৃতিযোগে জনাইছে যে টকি’ত হাজিয়েভায়ে জয় কৰা স্বর্ণ পদক কাঢ়ি লোৱা হ’ব৷ আনহাতে, এই ইভেণ্টত ৰূপৰ পদক জয় কৰা ফ্রান্সৰ ছাদ্রিন মার্টনেটক সোণৰ পদক প্রদান কৰা হ’ব৷ ৰূপৰ পদক লাভ কৰিব ৰাছিয়াৰ ব্রঞ্জৰ পদক বিজয়ী খেলুৱৈ ভিক্টোৰিয়া পোটাপ’ভাক৷ অৱশ্যে পইণ্টৰ নিৰিখত ব্রঞ্জৰ পদক লাভ কৰা ইউক্রেইনৰ ইউলিয়া ব্রঞ্জতে সীমিত থাকিব৷