এডিলেইডত আজিৰে পৰা হাই ভ’ল্টেজ দিবা–নৈশ টেষ্ট
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ক্রিকেটপ্রেমীৰ দীর্ঘদিনীয়া উৎকণ্ঠা আৰু অপেক্ষাৰ অন্ত পেলাই ভাৰত–ষ্ট্রেলিয়াই আজিৰে পৰা এডিলেইড অ’ভেলত হাই ভ’ল্টেজ দিবা–নৈশ টেষ্টত অৱতীর্ণ হৈছে৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া নিজৰ প্রথমখন দিবা–নৈশ টেষ্টৰ বাবে টীম ইণ্ডিয়াই আগতীয়াকৈ মূল একাদশ ঘোষণা কৰিছে৷ এই অনুসৰি আজি মায়ংক আগৰৱালৰ সৈতে ইনিংছ মুকলি কৰিব উদীয়মান অ’পেনাৰ পৃথ্বি শ্বই৷ আই পি এল আৰু প্রস্তুতি মেচত দুর্বল প্রদর্শনৰ পিছত দিল্লীৰ প্রতিভাৱান বেটছমেনগৰাকীয়ে মূল একাদশত স্থান পোৱাৰ সম্ভাৱনা হ্রাস পাইছিল যদিও শেষ মুহূর্তত দলীয় মেনেজমেণ্টে শুভমন গিলৰ পৰিৱর্তে পৃথ্বি শ্বকে পুনৰ এবাৰ সুযোগ দিয়াৰ সিদ্ধান্ত লয়৷
মন কৰিবলগীয়া যে দুবছৰ পূর্বে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰৰ মাটিত অ’পেনাৰগৰাকীয়ে টেষ্ট অভিষেকতে শতক অর্জন কৰিবলৈ সক্ষম হৈছিল৷ মূল একাদশত পৃথ্বিৰ অন্তর্ভুক্তিৰ ফলত টেষ্ট অভিষেকৰ বাবে দীর্ঘদিনৰ পৰা অপেক্ষা কৰি থকা আন এগৰাকী প্রতিভাৱান অ’পেনাৰ শুভমন গিলৰ অপেক্ষা অধিক দীঘলীয়া হ’ল৷
ইফালে, উইকেটৰক্ষক হিচাপে টীম ইণ্ডিয়াই বাছনি কৰিছে ঋদ্ধিমান সাহাক৷ দ্বিতীয়খন প্রস্তুতি মেচত ঋষভ পণ্টে বিস্ফোৰক বেটিঙেৰে মূল একাদশত স্থান লাভৰ সম্ভাৱনা যোগাই তুলিছিল যদিও অভিজ্ঞতাৰ ফালৰ পৰা সাহাক সুযোগ দিয়া হয়৷ আনহাতে, বলিং আক্রমণৰ নেতৃত্ব দিব মহম্মদ ছামি, যশপ্রীত বুমৰাহ, উমেশ যাদৱ আৰু ৰবিচন্দ্রন অশ্বিনে৷
উল্লেখ্য যে ভাৰতে টেষ্ট ক্রিকেটৰ ইতিহাসত আজি দ্বিতীয়বাৰৰ বাবে দিবা–নৈশ মেচ খেলিব৷ ইয়াৰ পূর্বে দলটোৱে যোৱা বছৰ ইডেন গার্ডেনত বাংলাদেশৰ বিৰুদ্ধে প্রথমখন দিবা–নৈশ মেচ খেলিছিল৷ গুলপীয়া বলৰ এই টেষ্ট ভাৰতৰ বাবে অত্যন্ত প্রত্যাহ্বানজনক হ’ব বুলি অধিনায়ক কোহলিয়ে স্বীকাৰ কৰে৷ ‘গুলপীয়া বলৰ টেষ্ট সাধাৰণতে অধিক প্রত্যাহ্বানজনক হয়৷ বিশেষকৈ সন্ধিয়াৰ সময়ত বলৰ অস্বাভাৱিক মুভমেণ্টে বেটছমেনক বিপদত পেলোৱাৰ সম্ভাৱনা থাকে৷ এই সময়খিনিত নিজকে খাপ খুৱাই লোৱাটোৱে আমাৰ বাবে প্রধান প্রত্যাহ্বান হ’ব৷ দুয়োটা দলতে কেইবাগৰাকীও বিশ্বমানৰ খেলুৱৈ থকাৰ প্রতি লক্ষ্য ৰাখি মেচখন হাই ভ’ল্টেজ হোৱাটো নিশ্চিত৷’ অধিনায়ক কোহলিয়ে এইদৰে কয়৷ উল্লেখ্য যে কোহলিৰ নেতৃত্বত টীম ইণ্ডিয়াই ২০১৮–১৯ৰ ভ্রমণত অষ্ট্রেলিয়াৰ মাটিত ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰিবলৈ সক্ষম হৈছিল৷
খেলৰ সময়ঃ পুৱা ৯.৩০ বজা৷