তুৰস্কত দুটাকৈ ৰূপৰ পদক জয় হিমা দাসৰ
নিয়মীয়া বাৰ্তা, ৭ জুনঃ আন্তর্জাতিক এথলেটিক্ছত অসম কন্যা হিমা দাসে দুটাকৈ ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছে৷ তুৰস্কৰ এৰজুৰাম আন্তঃৰাষ্ট্রীয় কাপত হিমাই ১০০ আৰু ২০০ মিটাৰ দৌৰত দ্বিতীয় স্থান অর্জনেৰে ৰূপৰ পদক দখল কৰে৷ ১০০ মিটাৰ দৌৰত হিমাই ১১.৫৯ ছেকেণ্ডেৰে দ্বিতীয় স্থান অর্জন কৰাৰ বিপৰীতে ২০০ মিটাৰত তেওঁ ২৩.৫১ ছেকেণ্ড সময় লয়৷ ১০০ মিটাৰত ভাৰতীয় স্প্রিণ্টাৰ এছ ধনলক্ষ্মীয়ে ব্যক্তিগত সর্বোত্তম সময়েৰে স্বর্ণপদক দখল কৰে৷ ধনলক্ষ্মীয়ে ১১.২৬ ছেকেণ্ডত এই দূৰত্ব অতিক্রম কৰে৷
আনহাতে, ২০০ মিটাৰ দৌৰতো ধনলক্ষ্মীয়ে ২৩.২৬ ছেকেণ্ডেৰে সোণৰ পদক দখল কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ভাৰতীয় এথলিটসকলে সম্প্রতি তুৰস্কত প্রশিক্ষণৰ লগতে প্রতিযোগিতাত অৱতীর্ণ হৈ আহিছে৷ আগন্তুক কমনৱেলথ গেমছৰ পূর্বে হিমাৰ বাবে এই প্রতিযোগিতাখন যথেষ্ট গুৰুত্বপূর্ণৰূপে বিবেচিত হৈছে৷