হিন্দী ভাষা আমাৰ ৰাষ্ট্রীয় ভাষা নহয়
🔹 অৱসৰৰ পিছতে কিয় এই বিতর্কিত মন্তব্য অশ্বিনৰ ?
নিউজ ডেস্ক, ১১ জানুৱাৰী : ভাৰতীয় ক্রিকেটপ্রেমীক হতচকিত কৰি সদ্যসমাপ্ত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ মাজতে আন্তঃৰাষ্ট্রীয় কেৰিয়াৰক বিদায় দিয়া তাৰকা ক্রিকেটাৰ ৰবিচন্দ্রন অশ্বিন সংবাদ শিৰোনামলৈ আহিছে৷ শেহতীয়াকৈ অশ্বিনে দিয়া এক বিবৃতিৰ বাবে সৃষ্টি হৈছে ব্যাপক বিতর্কৰ৷ হিন্দী ভাষাক লৈ অশ্বিনে কৰা এক মন্তব্যই সমগ্র দেশতে বিতর্কৰ সূচনা কৰিছে৷ হিন্দী ভাষা আমাৰ ৰাষ্ট্রীয় ভাষা নহয় বুলি অশ্বিনে এক মন্তব্য কৰিছিল আৰু এই মন্তব্যই এতিয়া বিতর্কৰ কাৰণ হৈ পৰিছে৷ চেন্নাইৰ এখন কলেজত ছাত্র–ছাত্রীৰ সৈতে বার্তালাপৰ সময়ত অশ্বিনে এই মন্তব্য কৰিছিল৷ চেন্নাইৰ এখন অভিযান্ত্রিক মহাবিদ্যালয়ত ছাত্র–ছাত্রীৰ সৈতে বার্তালাপ কৰে অশ্বিনে৷ বার্তালাপৰ সময়ত অশ্বিনে ছাত্র–ছাত্রীসকলক উদ্দেশ্যি কোনোৱে তেওঁক হিন্দী ভাষাত প্রশ্ন কৰিবলৈ আগ্রহী নেকি বুলি প্রশ্ন কৰে৷ অশ্বিনৰ এহ প্রশ্নৰ প্রতি সেই স্থানত উপস্থিত থকা কোনো লোকেই আগ্রহ প্রকাশ কৰা নাছিল৷ ইয়াৰ পিছতে প্রাক্তন ক্রিকেটাৰগৰাকীয়ে ‘হিন্দী দেশৰ ৰাষ্ট্রীয় ভাষা নহয়, বৰঞ্চ কেৱল চৰকাৰী ভাষাহে’ বুলি মন্তব্য কৰে৷ লক্ষণীয় যে কালি উদযাপন কৰা হৈছে ‘বিশ্ব হিন্দী দিৱস’৷ আৰু তাৰ এদিন পূর্বে এখন ব্যক্তিগত অভিযান্ত্রিক মহাবিদ্যালয়ত ছাত্র–ছাত্রীক সম্বোধন কৰি অশ্বিনে এই বক্তব্য প্রদান কৰে৷ অৱশ্যে অশ্বিনে কোৱাৰ দৰেই হিন্দী ভাৰতৰ ৰাষ্ট্রীয় ভাষা নহয়৷ তথাপি ভাৰতীয় সংবিধানে হিন্দীক চৰকাৰী ভাষাৰ মর্যাদা প্রদান কৰিছে৷ ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত হিন্দীয়ে এই মর্যাদা লাভ কৰে৷