নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিটমেন ৰোহিত শৰ্মাৰ আন এক কৃতিত্ব

নিউজ ডেস্ক, ৬ মার্চ : চলিত চেম্পিয়নছ ট্ৰফীৰ প্রথমখন ছেমিত ভাৰতে অষ্ট্রেলিয়াক ৪ উইকেটত পৰাস্ত কৰে৷ লগে লগে ৰোহিত শর্মাৰ নেতৃত্বত ভাৰতীয় দলটো চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্রৱেশ কৰে৷ ৰোহিত শর্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্রৱেশ কৰাৰ লগে লগে ৰোহিত শর্মাই এক অনন্য কৃতিত্ব অর্জন কৰে৷ সেয়া হৈছে পুৰুষৰ আইচিচি ইভেণ্টৰ আটাইকেইটা ফর্মেটত ফাইনেললৈ দলক নেতৃত্ব দিয়া প্রথম অধিনায়ক হিচাপে পৰিগণিত হয় ৰোহিত শর্মা৷ ৰোহিতৰ নেতৃত্বত ভাৰতীয় দলে ২০২৩ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ, ২০২৩ চনৰ এদিনীয়া বিশ্বকাপ, ২০২৪ চনৰ টি–২০ বিশ্বকাপ আৰু চলিত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্রৱেশ কৰিছে৷

You might also like