নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPLত অনাকাংক্ষিত ৰেকৰ্ডৰ গৰাকী হিটমেন ৰোহিত

নিউজ ডেস্ক, ২৪ মাৰ্চঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত সৰ্বাধিক বাৰ ‘০’ স্ক’ৰেৰে আউট হোৱাৰ ক্ষেত্ৰত ৰোহিত শৰ্মাই শীৰ্ষস্থান দখল কৰিছে। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলখনত খলিল আহমেদে আউট কৰাৰ লগে লগে এই বেয়া ৰেকৰ্ডৰ গৰাকী হল ৰোহিত। আই পি এলৰ ইতিহাসত ১৮সংখ্যকবাৰৰ বাবে ৰোহিত শৰ্মা শূন্য স্ক’ৰত আউট হৈছে। এতিয়া তেওঁ আই পি এলত সৰ্বাধিকবাৰ শূন্যত আউট হোৱাৰ ক্ষেত্ৰত দীনেশ কাৰ্তিক আৰু গ্লেন মেক্সৱেলৰ সমানে আছে।

হত্যা নহয় আত্ম*হত্যাই কৰিছিল সুশান্ত সিং ৰাজপুতে

চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলখনত ০ ৰান সংগ্ৰহ কৰি আউট হৈছিল ৰোহিত। ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে চাৰিবাৰকৈ একাউণ্ট খুলিব নোৱাৰিলে তেওঁ। উল্লেখ্য দীনেশ কাৰ্তিক, গ্লেন মেক্সৱেল আৰু ৰোহিত শৰ্মা এতিয়া নিজ নিজ আই পি এল কেৰিয়াৰত ১৮ বাৰ শূন্য স্ক’ৰত আউট হৈছে।

আইপিএলৰ ইতিহাসত শূন্য ৰানৰ শীৰ্ষ তালিকা এনেধৰণৰ- ৰোহিত শৰ্মা, দীনেশ কাৰ্তিক আৰু গ্লেন মেক্সৱেলে ১৮বাৰকৈ, পীয়ুষ চাওলা ১৬বাৰ আৰু সুনীল নাৰিন ১৬বাৰ।

ৰোহিত শৰ্মাই ৭ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ ওচৰ চাপিছে
আই পি এলৰ কেৰিয়াৰত ৭ হাজাৰ ৰান সংগ্ৰহৰ অতি ওচৰ চাপিছে ৰোহিত শৰ্মা। কেৰিয়াৰত এই পৰ্যন্ত ৬,৬২৮ ৰান সংগ্ৰহ কৰি ৭,০০০ ৰান স্পৰ্শ কৰিবলৈ ৩৭২ ৰানৰ প্ৰয়োজন। যদি তেওঁ এনে কৰে তেন্তে ৰোহিত এনে কৰা দ্বিতীয়জন খেলুৱৈহে হ’ব। এতিয়ালৈকে তেনে কৰা একমাত্ৰ খেলুৱৈ হৈছে বিৰাট কোহলি, যিয়ে নিজৰ কেৰিয়াৰত এতিয়ালৈকে ৮,০৬৩ ৰান সংগ্ৰহ কৰিছে।

📌 EXCLUSIVE… মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাহনলৈ চোঁচা প্ৰকাণ্ড গঁড়ৰ। 📌 চালকৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা বাহনখনত থকা পৰ্যটকৰ দলটোৰ।

আই পি এল ২০২৪ৰ ছিজনটো ৰোহিত শৰ্মাৰ বাবে বহুত ভাল আছিল। তেওঁ ১৪খন মেচত ৪১৭ ৰান সংগ্ৰহ কৰে। লগতে মন কৰিবলগীয়া যে ২০১৩ চনৰ ছিজনৰ পিছত ৰোহিতে কেতিয়াও আই পি এলৰ এটা ছিজনত ৫০০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰিব পৰা নাই।

You might also like