অনুৰাগীলৈ দুখবৰ : অৱসৰৰ দিন ধাৰ্য হিটমেন ৰোহিতৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ ডিচেম্বৰঃ ৩, ৬, ১০, ৩, ৯৷ চলিত বর্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাৰ তিনিখন টেষ্টত ৰোহিত শর্মাৰ এয়া বেটিং প্রদর্শন৷ যোৱা ছেপ্টেম্বৰৰ পৰা ১৫টা ইনিংছত মাত্র ১৬৪ ৰানহে কৰিবলৈ সক্ষম হৈছে৷ তেওঁ বেটিঙত সম্পূর্ণ বিফল৷ অধিনায়ক হিচাপে লোৱা কেইবাটাও সিদ্ধান্তৰ বাবেও তেওঁক সমালোচনা কৰাৰ লগতে অৱসৰ ল’বলৈও পৰামর্শ আগবঢ়োৱা হৈছে৷ এনে পৰিস্থিতিত সঁচাকৈয়ে ৰোহিত শর্মাই টেষ্ট ক্রিকেটক বিদায় জনোৱাৰ ইংগিত দিছে নেকি? আনকি হিটমেনে তাৰিখো একপ্রকাৰ ঠিক কৰিছে৷ চলিত ব’ৰ্ডাৰ–গাভাস্কাৰ টেষ্ট শৃংখলাত চর্চাৰ কেন্দ্রবিন্দু হৈ আছে ৰোহিত শর্মা৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি, টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে ইতিমধ্যে টেষ্টৰ পৰা অৱসৰ লোৱাৰ সন্দর্ভত নির্বাচকসকলৰ সৈতে কথা পাতিছে৷ ছিডনীত অনুষ্ঠিত হ’বলগীয়া পঞ্চম আৰু অন্তিমখন টেষ্টৰ অন্তত অৱসৰ ল’ব বুলিও সংবাদ প্রতিষ্ঠানটোৱে সদৰী কৰে৷ ৰোহিতে নির্বাচকসকলৰ ওচৰত অৱসৰ লোৱাৰ ইচ্ছা প্রকাশ কৰিছে৷ ছিডনী টেষ্ট খেলি পাঁচদিনীয়া ক্রিকেটক বিদায় দিয়াৰ সম্ভাৱনা আছে৷ কিন্তু ভাৰতীয় দলটোৱে যদি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশ কৰিব পাৰে, তেন্তে আলোচনাৰ ভিত্তিত সেই সিদ্ধান্ত সলনি কৰিব পাৰে৷ তেনে ক্ষেত্রত সেই চূডান্ত মেচখনেই হ’ব তেওঁৰ কেৰিয়াৰৰ শেষ টেষ্ট মেচ৷ মুঠতে ছিডনী টেষ্টৰ গুৰুত্ব এতিয়া কেৱল দলটোৰ বাবেই নহয়, ৰোহিত শর্মাৰ বাবেও অতি গুৰুত্বপূর্ণ হৈ পৰিছে৷