নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়ৰ মুখ নেদেখাকৈ বিদায় মাগিলে আয়োজক পাকিস্তানে

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ লজ্জাজনক প্রদর্শনেৰে চেম্পিয়নছ ট্ৰফীত অভিযান সামৰিলে পাকিস্তানে৷ পাকিস্তান আৰু বাংলাদেশৰ মাজৰ খেলখন বৰষুণৰ বাবে বাতিল হয়৷ ফলত দুয়োটা দলে এক পইণ্টকৈ লাভ কৰে৷ মেচখন বাতিল হোৱাৰ ফলত আয়োজক পাকিস্তান এখনো মেচতো জয়ী নোহোৱাকৈয়ে প্রতিযোগিতাৰ পৰা বাহিৰ হ’ব লগা হয়৷ গ্রুপত নিজৰ প্রথম দুখন মেচত পাকিস্তান নিডজিলেণ্ড আৰু ভাৰতৰ বিপক্ষে পৰাজয়ৰ সন্মুখীন হৈছিল৷ ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ প্রতিযোগিতাত অৱতীর্ণ হোৱা পাকিস্তানে মাত্র এক পইণ্ট লাভ কৰি গ্রুপৰ অন্তিম স্থানৰ দল হিচাপেই অভিযানৰ অন্ত পেলাবলৈ বাধ্য হয়৷ উল্লেখ্য যে পাকিস্তানে সুদীর্ঘ ২৯ বছৰৰ পাছত কোনো আইচিচি টুর্ণামেণ্ট আয়োজন কৰাৰ সুযোগ লাভ কৰিছিল৷ কিন্তু মাত্র ৮ দিনৰ ভিতৰতে লজ্জাজনক ৰূপত দলটোৰ এই যাত্রাৰ অন্ত পৰিল৷ মেচ আৰম্ভ হোৱাৰ পূর্বৰে পৰা ৰাৱালপিণ্ডিত বৰষুণ আৰম্ভ হৈছিল৷ বৰষুণ বন্ধ হৈছিল যদিও সেমেকা আউটফিল্ডৰ বাবে প্রথমে টছ পিছুৱাই দিব লগা হয়৷ কিন্তু বহু প্রচেষ্টাৰ পিছতো আউটফিল্ডৰ কোনো বিশেষ পৰিৱর্তন নঘটাৰ ফলত নির্ধাৰিত সময়ৰ প্রায় ২ ঘণ্টাৰ পিছতো মেচখন আৰম্ভ নহ’ল৷ ইয়াৰ পিছত পুনৰ বৰষুণ আৰম্ভ হোৱাৰ ফলস্বৰূপে মেচখন বাতিল কৰাৰ সিদ্ধান্ত লোৱা হয়৷ হয়াৰ লগে লগে জয়ৰ সোৱাদ নোলোৱাকৈয়ে চেম্পিয়নছ ট্ৰফীৰ পৰা বিদায় লয় আয়োজক দেশখনে৷

You might also like