নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিদৰে অনুশীলনত কোবোৱা এটা ছিক্সাৰে সলনি কৰিলে ধ্রুৱ জুৰেলৰ জীৱন…

বিশেষ বাৰ্তা, ২৬ ফেব্রুৱাৰী : ক্রিকেটত কেতিয়াবা এটা ভাল স্পেল আৰু এটা ভাল ইনিংছে জীৱন সলনি কৰি দিব পাৰে৷ আইপিএলত অনুৰূপ ধৰণেই সুযোগ পাইছিল ধ্রুৱ জুৰেলে৷ অৱশ্যে তেওঁৰ ক্ষেত্রত এটা ছিক্সাৰে হাতলৈ আনিছিল আইপিএলৰ চুক্তি৷ তাতে আকৌ সেই ছিক্সাৰ কোনো মেচত নহয়, অনুশীলনতহে কোবাইছিল৷ কিদৰে তেওঁ আইপিএলত ৰাজস্থান ৰয়েলছৰ হৈ খেলাৰ সুযোগ লাভ কৰিছিল সেই কথা সদৰী কৰিছে দলটোৰ হাইপাৰফৰমেনছ ডিৰেক্টৰ জুবিন ভাৰুছাই৷ ৰাঁচী টেষ্টৰ প্রথম ইনিংছত ৯০ ৰান কৰি শিৰোনাম দখল কৰিছে জুৰেলে৷ তেওঁৰ যুঁজাৰু ইনিংছটোৱে সকলোৰে হৃদয় জয় কৰিছে৷ দুবছৰ পূর্বে ৰাজস্থানে ক্রয় কৰিছিল তেওঁক৷ তালে গাঁৱত ৰাজস্থানৰ প্রস্তুতি শিবিৰৰ পৰা সুযোগ লাভ কৰিছিল তেওঁ৷ দেশৰ হৈ ১৯ বছৰ অনূর্ধ্ব ক্রিকেট খেলিলেও তেওঁ ঘৰুৱা ক্রিকেট খেলা নাছিল৷ কিন্তু ৰাজস্থানৰ হৈ দাঙি ধৰা প্রদর্শনে নিশাৰ ভিতৰতে চর্চালৈ আনে জুৰেলক৷ জুবিনে জানিবলৈ দিয়ে যে জুৰেলক ট্রায়েললৈ আনিছিল আন এগৰাকী ক্রিকেটাৰ কার্তিক ত্যাগীয়ে৷ নিজ ৰাজ্য উত্তৰ প্রদেশৰ হৈ খেলাতো বাদেই, কোনো প্রতিযোগিতামূলক ক্রিকেটেই খেলা নাছিল জুৰেলে৷ জুবিনে কয়– মোৰ মনত আছে, এটা বল এক্সট্রা কভাৰৰ ওপৰেৰে বহু দূৰলৈ মাৰিছিল৷ বাকীসকলতকৈ সেই শ্বট আছিল একেবাৰে সুকীয়া৷ সেইবাৰ উত্তৰ প্রদেশৰ হৈ আৰিয়ান জুৱেল নামৰ এটা ল’ৰায়ো ভাল খেলিছিল৷ সিদিনা তেওঁ ট্রায়েলত আছিল৷ কিন্তু ধ্রুৱৰ দৰে প্রতিভা আনসকলৰ মাজত নাছিল৷ ৰাজস্থানৰ নির্বাচকসকলে দলত জুৱেলক নে জুৰেলক ল’ব, সেই সিদ্ধান্ত ল’ব পৰা নাছিল৷ তেতিয়া জুবিনে মন্তব্য কৰিছিল যে এক্সট্রা কভাৰৰ ওপৰেৰে ৬ কোবোৱা ল’ৰাজনকে দলত লোৱা উচিত৷ সিদিনাই জুৰেলক দলত লোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷

You might also like