নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিলে চমক, চিএছকেৰ বিৰুদ্ধে কেনেকৈ সুযোগ পালে ভিগনেশে?

নিউজ ডেস্ক, ২৪ মাৰ্চঃ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’ল মুম্বাই ইণ্ডিয়ানছ। কিন্তু প্ৰথমখন মেচ খেলি ভিগনেশ পুথুৰে অনুৰাগীৰ হৃদয় জয় কৰিছিল। মুম্বাই ইণ্ডিয়ানছৰ ভিগনেশ পুথুৰে সুন্দৰ বলিং প্ৰদৰ্শন আগবঢ়ায়। ভিগনেশ পুথুৰে ৪ অভাৰত ৩২ ৰানত ৩ উইকেট দখল কৰে। চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ৰুতুৰাজ গাইকৱাডৰ লগতে বলাৰগৰাকীয়ে শিৱম ডুবে আৰু দীপক হুদাক আউট কৰে। ইয়াৰ পিছত এতিয়া মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক মাহেলা জয়াৱৰ্ধনে কৈছে যে কেনেকৈ ভিগনেশ পুথুৰে সুযোগ পালে?

দিল্লীৰ নেচনেল মিউজিয়ামত পদ খালী

ভিগনেশ পুথুৰে কেনেকৈ সুযোগ পালে?
টাইমছ অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি অনুশীলনৰ সময়ত মাহেলা জয়াৱৰ্ধনে আৰু মুম্বাই ইণ্ডিয়ানছৰ মেনেজমেণ্টে ভিগনেশ পুথুৰৰ প্ৰতিভাক স্বীকৃতি দিয়ে। ইয়াৰ উপৰি মুম্বাই ইণ্ডিয়ানছৰ খেলুৱৈ ৰোহিত শৰ্মা, সূৰ্য্যকুমাৰ যাদৱ আৰু তিলক বাৰ্মাই দল পৰিচালনাত ইতিবাচক সঁহাৰি প্ৰদান কৰে। মুম্বাই ইণ্ডিয়ানছৰ বলিং প্ৰশিক্ষক পৰস ম্হাম্ব্ৰেয়ে কয় যে অনুশীলনত ৰোহিত শৰ্মা, সূৰ্য্যকুমাৰ যাদৱ আৰু তিলক বাৰ্মাক বলিং কৰিছিল ভিগনেশ পুথুৰে। এই সময়ছোৱাত তেওঁ ভাল বলিং কৰিছিল। সেয়েহে আমি চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ভিগনেশ পুথুৰক মূল একাদশৰ অংশ হিচাপে গঢ়ি তুলিলোঁ। আমাৰ দল পৰিচালনাৰ এইটো এটা ভাল সিদ্ধান্ত আছিল।

You might also like