নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘টি-২০ বিশ্বকাপৰ পিছত মোক হত্যাৰ ভাবুকি দিছিল…’

নিউজ ডেস্ক, ১৫ মাৰ্চঃ শেহতীয়াকৈ ৰোহিত শৰ্মাৰ অধিনায়কত্বত টীম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে। ভাৰতীয় দলৰ জয়ৰ ক্ষেত্ৰত স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। এই প্ৰতিযোগিতাত বৰুণ চক্ৰৱৰ্তীয়ে ৯টা উইকেট দখল কৰে। প্ৰতিযোগিতাখনত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰা বলাৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে বৰুণ চক্ৰৱৰ্তী। বৰুণ চক্ৰৱৰ্তীতকৈ অধিক উইকেট দখল কৰিছিল কেৱল নিউজিলেণ্ডৰ মেট হেনৰীয়ে। নিউজিলেণ্ডৰ মেট হেনৰীয়ে ১০টা উইকেটেৰে শীৰ্ষত থাকে। অৱশ্যে এতিয়া বৰুণ চক্ৰৱৰ্তীৰ মনত পৰিছে নিজৰ বেয়া সময়বোৰ। যেতিয়া ভাৰতীয় অনুৰাগীয়ে বৰুণ চক্ৰৱৰ্তীক ভাৰতলৈ ঘূৰি নাযাবলৈ ভাবুকি দিছিল।

‘মই হতাশ হৈ পৰিছিলো কাৰণ মই ভাবিছিলো যে মই বিশ্বকাপৰ বাবে খেলিব নোৱাৰিম…’
বৰুণ চক্ৰৱৰ্তীয়ে কয় যে ২০২১ চনৰ টি-২০ বিশ্বকাপৰ পিছত তেওঁ হতাশাৰ বলি হৈছিল। তেওঁ চিন্তিত হৈ পৰিছিল যে তেওঁ দলৰ কোনো কামত আহিব নোৱাৰিব। ভাৰতলৈ ঘূৰি নাযাবলৈ ভাবুকি পোৱা বুলিও তেওঁ কয়। ভাৰতীয় স্পিনাৰজনে কয় যে মোৰ বাবে বেয়া সময় আছিল। মই ডিপ্ৰেছনত আছিলো কাৰণ মই অনুভৱ কৰিছিলো যে মই বিশ্বকাপৰ বাবে নিৰ্বাচিত হোৱাৰ সৈতে ন্যায় কৰিব পৰা নাই। এটাও উইকেট ল’ব নোৱাৰাৰ বাবে মোৰ মনটো বেয়া লাগিছিল। ইয়াৰ পিছত তিনি বছৰ ধৰি মোক নিৰ্বাচিত কৰা নহ’ল। গতিকে মই ভাবো যে অভিষেকৰ পিছত দলটোত পুনৰ উভতি অহাটো মোৰ বাবে অতি কঠিন আছিল।

‘টি-২০ বিশ্বকাপ ২০২১ৰ পিছত মোক ভাবুকি দিয়া ফোন আহিছিল…’
বৰুণে কয় যে তেওঁৰ ঘৰত কিছু লোক উপস্থিত হৈছিল। টি-২০ বিশ্বকাপ ২০২১ৰ পিছত ভাবুকি দিয়া ফোন আহিছিল। মানুহে কয়- ‘ভাৰতলৈ নাহিবা’। চেষ্টা কৰিলেও আহিব নোৱাৰিবা। মোৰ ঘৰৰ ওচৰলৈ মানুহ আহি মোক বিচাৰিবলৈ ধৰিলে আৰু মই বহুবাৰ লুকাই থাকিব লগা হ’ল। তেওঁ আৰু কয় যে মই বিমানবন্দৰৰ পৰা উভতি আহোঁতে কিছুমান মানুহে মোৰ পিছে পিছে বাইকত আহিছিল। এনেকুৱা হয়। মই বুজিব পাৰো যে অনুৰাগীসকল আৱেগিক। উল্লেখ্য যে ২০২১ চনৰ টি-২০ বিশ্বকাপত দুৰ্বল প্ৰদৰ্শনৰ পিছত বৰুণ চক্ৰৱৰ্তীয়ে বহুদিন ভাৰতীয় দলৰ বাহিৰত থাকিব লগা হৈছিল। কিন্তু আই পি এলত উজ্জ্বল প্ৰদৰ্শন কৰি টীম ইণ্ডিয়াত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটালে এইগৰাকী বলাৰে।

You might also like