WTC-2025-ৰ পুৰস্কাৰ ঘোষণা আইচিচিৰ, ধনৰ বৰষুণ
ভাল কথাটো তৃতীয়-চতুৰ্থ স্থানৰ পৰা শেষৰ স্থানলৈকে কোনো খালী হাতেৰে উভতি নাহে।
নিউজ ডেস্ক, ১৫ মে’ : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫ (WTC-2025)ৰ পুৰস্কাৰৰ ধন ঘোষণা কৰা হৈছে। ইংলেণ্ডৰ লৰ্ডছত ১১-১৫ জুনলৈ অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখন। এইবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC-2025)ৰ বিজয়ীৰ বাবে অভিলেখ পুৰস্কাৰৰ ধন ঘোষণা কৰা হৈছে। এইবাৰ WTC-2025ৰ বাবে কোটি কোটি টকাৰ প্ৰাইজ ৰখা হৈছে, যিটো যোৱাবাৰৰ তুলনাত ১২৫ শতাংশ বেছি বুলি কোৱা হৈছে।
দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC-2025)ত বিজয়ী প্ৰতিযোগীয়ে লাভ কৰিবলৈ গৈ আছে প্ৰায় ৩০ কোটি ৮ লাখ টকাৰ পুৰস্কাৰ। ফাইনেলত পৰাস্ত হোৱা দলে অৰ্থাৎ ৰানাৰ্ছ আপে প্ৰায় ১৮.৫ কোটি টকা পাব। যোৱাবাৰ ৰানাৰ্ছ আপে মাত্ৰ ৬.৮ কোটি টকাহে পুৰস্কাৰ হিচাপে পাইছিল।
আইচিচিয়ে পুৰস্কাৰৰ ধন বৃদ্ধি কৰি টেষ্ট ক্ৰিকেটৰ প্ৰচাৰৰ চেষ্টা চলাইছে। ভাল কথাটো হ’ল তৃতীয়-চতুৰ্থ স্থানৰ পৰা শেষৰ স্থানলৈকে কোনো দল খালী হাতেৰে উভতি নাহে। যোৱা দুখন ফাইনেল খেলা ভাৰতে এইবাৰ তৃতীয় স্থান দখল কৰাৰ লগতে ১২ কোটি টকাৰ পুৰস্কাৰো লাভ কৰিবলৈ গৈ আছে।