নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেটৰ তিনিওটা ফর্মেটত নিয়মৰ পৰিৱর্তন আইচিচিৰ

🔹 ক্রিকেটৰ তিনিওটা ফর্মেটত নিয়মৰ পৰিৱর্তন আইচিচিৰ

🔹 পৰৱর্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পৰা দেখা যাব নতুন নিয়ম

নিউজ ডেস্ক, ১ জুন : আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিষদে অহা মাহৰ পৰা ক্রিকেটৰ তিনিওটা সংস্কৰণতে নিয়মৰ কিছু সালসলনি ঘটোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ জুন মাহৰ পৰা সলনি হ’ব টেষ্ট ক্রিকেটৰ নিয়ম৷ ১৭ জুনৰ পৰা আৰম্ভ হ’ব বাংলাদেশ–শ্রীলংকাৰ মাজত প্রথমখন টেষ্ট৷ উক্ত টেষ্টখনৰ পৰাই নতুন নিয়ম প্রৱর্তন কৰা হ’ব৷ ইপিনে, জুলাইৰ পৰা সলনি হ’ব বগা বল ক্রিকেটৰ নিয়ম৷ পৰৱর্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পৰাই এই নতুন নিয়ম প্রৱর্তন কৰিব বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে৷ ২০২৫–২৭ বর্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্রৰ প্রথমখন মেচত মুখামুখি হ’ব বাংলাদেশ আৰু শ্রীলংকা৷ গালেত অনুষ্ঠিত হ’বলগীয়া উক্ত মেচৰ পৰাই কনকাচন ছাবৰ নতুন নিয়ম আৰম্ভ হ’ব৷ উক্ত সময়ৰ পৰা কোনো খেলুৱৈয়ে কনকাচন ছাব হিচাপে ফিল্ডিং কৰিব নোৱাৰিব৷ খেল আৰম্ভ হোৱাৰ পূর্বে দলসমূহে পাঁচজন ক্রিকেটাৰৰ নাম মেচ ৰেফাৰীৰ ওচৰত জমা দিব লাগিব৷ সেই তালিকাত থাকিব এজন বেটাৰ, এজন উইকেটকীপাৰ, এজন পেচ বলাৰ, এজন স্পিনাৰ আৰু এজন অলৰাউণ্ডাৰ৷ সেই তালিকাৰ পৰাই উপযুক্ত প্রতিস্থাপন ক্রিকেটাৰে ফিল্ডিং কৰিব লাগিব৷ উদাহৰণস্বৰূপে, যদি কোনো স্পিনাৰ আঘাতপ্রাপ্ত হয়, তেন্তে তেওঁৰ ঠাইত বেটাৰক আনিব নোৱাৰিব৷ তালিকাত থকা স্পিনাৰজনকহে আনিব লাগিব৷ পৰিস্থিতি পৰীক্ষা কৰি মেচৰ ৰেফাৰীয়ে কনকাচন ছাবৰ ওপৰত চূড়ান্ত সিদ্ধান্ত ল’ব৷ এদিনীয়া ক্রিকেটতো গুৰুত্বপূর্ণ পৰিৱর্তন ঘটাবলৈ সাজু হৈছে আইচিচি৷ বাংলাদেশ–শ্রীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাটোৰ পৰা আৰম্ভ হ’ব এদিনীয়া ক্রিকেটৰ নতুন নিয়ম৷ ২ জুলাইত প্রথমখন এদিনীয়াত দুয়োটা দল মুখামুখি হ’ব৷ তদুপৰি আইচিচিয়ে বাউণ্ডেৰী লাইনত ধৰা আৰু ডিআৰএছ লোৱাৰ নিয়মৰ কিছু সালসলনি ঘোষণা কৰিছে৷ কি পৰিৱর্তন হ’ব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই৷

You might also like